চেনেহৰ পুতু

0

চেনেহৰ পুতু

চেনেহৰ পুতু

চেনেহৰ পুতু

–অমূল্য বৰুৱা 

আগৰ বাৰ বিহুতে শিপিনে আছিলে

তাতৰে পাততে বহি

ফুলামকৈ গামোছাত চেনাইৰে ছবিটি

বাচিলৈ কাটিলে দহি ।

এইবাৰ বিহুৰে উৰুকা উৰুঙা

বেথাৰো উপৰি বেথা

উকা গামোচাৰে বিহুটি পাতিলোঁ

কিনো কম দুখৰে কথা ।

তথাপি আপোন মোৰ বহাগৰ বিহুটি

উলাহে নধৰে হিয়া

সেয়েহে যাচিলোঁ চেনেহৰ চুমাটি

লবিনে সাদৰে দিয়া ??

 

তোমাৰ

সোন

১ বহাগ, ১৮৪৬ শক। ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘চেনেহৰ পুতু | Chenehor Putu’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleএটি ফুল (কথিকা) । অমূল্য বৰুৱা
Next articleআন্ধাৰৰ হাহাকাৰ | অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here