জাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ

0

জাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ

জাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ

জাগা জননীৰ সন্তান

—জ্যোতিপ্ৰসাদ

জাগা জননীৰ সন্তান

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ

মৃত্যু গছকি আনা জয়জিনি

কৰি দুয়ে অভিযান।

কৰ্মহীনতা কাপুৰুষতাই

তোমাক কৰিলে জয়

তুমি দুৰ্বল ম্ৰিয়মান

তথাপিও নাই ভয়

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ।

শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান।

অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱ জোৱান

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Jaga Jananir Santan‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleলুইতৰে পানী যাবি অ। জ্যোতিপ্ৰসাদ
Next articleলুইতৰ পাৰৰে আমি। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here