জানো জানো বিফলে নাযায়। জ্যোতিপ্ৰসাদ

0

জানো জানো বিফলে নাযায়। জ্যোতিপ্ৰসাদ

জানো জানো বিফলে নাযায়

—জ্যোতিপ্ৰসাদ

জানো জানো জানো 

বিফলে নাযায় মোৰো গানো।

মোৰ য’ত অশ্ৰুজল

তীৰ্থ জলেৰে মিলি

উজলিব পৃথিৱীৰ কোযায় কোযায়

জানো জানো জানো

মোৰ য’ত অভিনৱ গান

বিকশিত কমলাৰ গন্ধ সমান

জানো জানো জাগাব সি বিশ্ব প্ৰাণো।

অকলশৰীয়া সেই পুৱতিৰ ত’ৰা

আপোনাৰ গানতেই আপুনি বিভোৰা

উষাৰ কোলাতে মাৰ যায়

পোহৰৰ হাঁহিটি মিলাই

জানো জানো জানো

বিফলে নাযায় তাৰো গানো।

জাগা অভিনৱ ছন্দে

মৌন মুগ্ধ য’ত শব্দ কমল দল

কণ্ঠে কণ্ঠে অৰ্বুদ বৃন্দে

জাগা অমৃত সুৰবাণী পৰমানন্দে। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Jano Jano Bifole Najay‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা

Previous articleসাজু হ সাজু হ নৱ জোৱান। জ্যোতিপ্ৰসাদ
Next articleজাগা জাগা নক্ষত্ৰৰ প্ৰভাতে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here