তোমাৰ ফুলৰ মালা | বিষ্ণু ৰাভা

0

তোমাৰ ফুলৰ মালা | বিষ্ণু ৰাভা

তোমাৰ ফুলৰ মালা বিষ্ণু ৰাভা

তোমাৰ ফুলৰ মালা

 –বিষ্ণু ৰাভা

 
তোমাৰ ফুলৰ মালা
আজিযে লেৰেলি যায়
সুৰভি সফুঁৰা মেলা ফুল পাহি
সিও যে মৰহি যায়।
নয়নৰ মোৰ নিয়ৰ টোপাল
নুশুৱায় এই দুয়ো গাল
বেদনা তাপত কিয়নো শুকাল
চকু ফালি লো নোলায়।
ফুলৰ পাহি গ’ল মৰহি
স্মৃতিৰ সুৰভি আহে ভাঁহি
তাহানি কালৰ ওমলা কথাটি
মাজে মাজে সুঁৱৰায়।
লেৰেলা ফুলৰ মালাধাৰ এই
গুপুতে বুকুত আলোৱালি থৈ
নিজানত বহি গুণ গুণ কৈ
গাম হায় হায় হায়! 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘তোমাৰ ফুলৰ মালা | Tomar Fular Mala‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleবিশ্বৰ ছন্দে ছন্দে | বিষ্ণু ৰাভা
Next articleপৰজনমৰ শুভ লগনত | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here