দুঃস্বপ্নৰ এবেলা | ইছমাইল হোছেইন
দুঃস্বপ্নৰ এবেলা
–ইছমাইল হোছেইন
মানুহে মানুহক হত্যা কৰিলে কি হয়-
এই সংজ্ঞা বিচাৰি চলাথ কৰিলো
হিটলাৰৰ ‘মেইনে কেম্ফ’
টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’
গান্ধীজীৰ ‘সত্য অন্বেষণৰ কাহিনী’
আৰু মাৰ্ক্সৰ ‘দাচ্ কেপিটেল’ৰ পাত।
অনাহাৰত মানুহৰ মৃত্যু ঘটালে কি হয়-
মন্দিৰ মছজিদত জুই জ্বলালে কি হয় –
এই সকলোবোৰৰ সংজ্ঞা বিচাৰি চলাথ কৰিছো
ৰাজভৱনৰ কোষাগাৰ,
সংবিধানৰ পৃষ্ঠা
আৰু আম্বেদকাৰৰ ঘৰ।”
“মুখ খুলি কথা ক’লেই উৰি যাব পাৰে মূৰ
একৈশ শতিকালৈ আছে মাথো আঠোটা বছৰ। ০ ০ ০
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘দুঃস্বপ্নৰ এবেলা | Dusapnor Abela | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ