দূৰ আৰবত মৰুৰ বুকুত | বিষ্ণু ৰাভা

0

দূৰ আৰবত মৰুৰ বুকুত | বিষ্ণু ৰাভা

দূৰ আৰবত মৰুৰ বুকুত বিষ্ণু ৰাভা

দূৰ আৰবত মৰুৰ বুকুত

–বিষ্ণু ৰাভা

 

দূৰ আৰবত মৰুৰ বুকুত
বয় ভকতি আজান
পুৱতি নিশাৰ সোণালী উষাৰ
উঠে মৌসনা গান।


মিলনৰ সুৰ বোৱায়
শুনে সৰব-জাহান
একেটি মালাৰ ডোলতে
গঁথা সবাৰে পৰাণ।


প্ৰেম ভকতিৰ পৰশ লাগি
হজৰত নবী ইব্রাহিমৰ
নীল আকাশৰ ইন্দ্ৰধনু
ৰহণ জ্বলে সাত বৰণৰ
বেহেস্ত নামি সৰগ ফুলে
এই মৰতত গাই সেই পোহৰ
শুকান বালিৰ হিয়াত উঠে
মীনা কৰা মচজিদ মহান।


ৰূপোৱালি জলহজৰেই
ধুনীয়া ৰূপহী জোনাই
ধৰাৰ বুকুত জোনোৱালিৰ
এক বৰণৰ ৰহন বুলায়।
মচজিদৰে মীনাৰ ভেদি
কোৰবানী সুৰ ৰজনজনাই
জাহান ভৰি বিশ্ব জুৰি
ইদোজ্জোহাৰ উলাহৰ গান। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘দূৰ আৰবত মৰুৰ বুকুত | Dur Arabat Marur Bukut‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleটিলাই টিলাই ঘূৰি ফুৰে | বিষ্ণু ৰাভা
Next articleবিশ্বৰ ছন্দে ছন্দে | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here