নতুন দিনৰ ন ছোৱালী। জ্যোতিপ্ৰসাদ

0

নতুন দিনৰ ন ছোৱালী। জ্যোতিপ্ৰসাদ

নতুন দিনৰ ন ছোৱালী। জ্যোতিপ্ৰসাদ

নতুন দিনৰ ন ছোৱালী

—জ্যোতিপ্ৰসাদ

নতুন দিনৰ ন-ছোৱালী 

মোৰ গানটো যদি গাৱ

মোৰ সুৰত যদি উটি বুৰি যাৱ

মোৰ কপালৰ নতুন জ্যোতি যদি ভাল পাৱ

মোৰ গানটো যদি গাৱ।

মোৰ গানটো যদি গাই থাকোতে 

জ্বলে বুকুত জুই

সপোন দেখি নাথাকিবি

অ’ ছোৱালী শুই

যদি জ্বলে বুকুত জুই।

মোৰ গানত আছে  ন বিজুলী

ন জীৱনত ন সঁজুলি

নতুন মানুহ সাজিবলৈ নতুন বটালি

মোৰ গানে তোক বাট দেখুৱায়

পোহৰে কৰি

ন ভৱিষ্যতৰ নতুন ৰাজ আলি। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘নতুন দিনৰ ন-ছোৱালী | Natun Dinor N-Chowali‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleগাঁৱৰে জুপুৰি ইকৰাৰে। জ্যোতিপ্ৰসাদ
Next articleমোৰে পথাৰৰে সোণোৱালী। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here