নাগৰিকৰ প্ৰতি | ইছমাইল হোছেইন

0

নাগৰিকৰ প্ৰতি | ইছমাইল হোছেইন

নাগৰিকৰ প্ৰতি

নাগৰিকৰ প্ৰতি

–ইছমাইল হোছেইন

মাটিৰ মৰমত নিমজ্জিত

মোৰ প্ৰিয়তম নাগৰিক

অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত 

আমি যেন মিলিত হ’ব পাৰো

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰো আলিংগন

প্ৰতিজন শিশুৰ মুখত

গুজি দিব পাৰো যেন এটুকুৰা ৰুটি

অথবা এটি চুম্বন।

অহা দিনবোৰৰ প্ৰতিটো পলকত

আমি যেন ৰক্ষা কৰিব পাৰো

আমাৰ স্বাধীনতা

আমি যেন স্থায়ী কৰিব পাৰোঁ

আমাৰ মিলন আৰু আত্মীয়তা।

বিভেদৰ প্ৰতিটি ক্ষণ

আৰু প্ৰতিটি দৃশ্যৰ পৰিসমাপ্তি ঘটক;

সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদৰ  প্ৰতিটো

ভণ্ড কৰ্মশালাক নিষিদ্ধ কৰি দিয়া হওঁক;

একেটা শোভাযাত্ৰাত মিলিত হওঁক

আটাইবোৰ জাতি।

আহা, এনে এটি মূহুৰ্তৰ বাবে আমি প্ৰাৰ্থনা কৰো

য’ত মন্দিৰ, মছজিদৰ দ্বন্দ্বই নেভাগে

এটা বৃহৎ জাতি;

আহা, এনে এটা অৱস্থাৰ বাবে আমি 

সংগ্ৰাম কৰো

য’ত প্ৰতিজন মানুহেই একো-একোটা স্বাধীন প্ৰজাতি।  ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘নাগৰিকৰ প্ৰতি | Nagrikr Prati | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleপ্ৰিয়তমা | ইছমাইল হোছেইন
Next articleদেশ | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here