নাহৰ ফুলে নুশুৱায় | বিষ্ণু ৰাভা

0

নাহৰ ফুলে নুশুৱায় | বিষ্ণু ৰাভা

নাহৰ ফুলে নুশুৱায়

নাহৰ ফুলে নুশুৱায়

বিষ্ণু ৰাভা

নাহৰ ফুলে নুশুৱায় 
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব।
 
কপৌ ফুলে নুশুৱায়
যদি ঘিলা খোপাতে তোৰ
হিয়া ফুল পাৰি দিম
গুজি খোপাতে মনোহৰ।
 
মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি ছিঙিম
বিজুলী ফুল শুৱন।
 
মানিক ফুলে নুশুৱায়
যদি সাতসৰীতে তোৰ
হিয়া ফালি উলিয়াই পিন্ধাম
তেজৰ পোৱাল মণি মোৰ। 0 0 0
 
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব । Nahar Fule Nushuwai’ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ

 

Previous articleমোৰ কবিতাৰ ছন্দ লাগি | বিষ্ণু ৰাভা
Next articleঅৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here