পদুমৰ অভিযান। অমূল্য বৰুৱা

0

পদুমৰ অভিযান। অমূল্য বৰুৱা

পদুমৰ অভিযান। অমূল্য বৰুৱা

পদুমৰ অভিযান

–অমূল্য বৰুৱা

 

অসুখীয়া মনে মোৰ

অসুখৰে ভাৰ বই

অসুখৰ সাধনাকে সাধি

নিজৰ অসুখ বুলি

পৰকো অসুখী কৰি

দুঃখ দিয়ে জীৱন অৱধি।

 

অসুখৰে খেলা খেলি

জীৱনৰ আধা বেলি

মিছাকৈয়ে দিলো উটুৱাই;

সুখৰ বসুধা খনি

দুখৰ আন্ধাৰে ঢাকি

আন্ধাৰতে গলো ভটীয়াই।

বহুদূৰ বাট বুলি

ভাগৰৰ বেমেজালি

বেদনাৰে বোজা বান্ধি লই;

নিৰাশ দুপৰ নিশা

পালক পালিকা তৰি

নাওখনি মেলি দিলো মই।

লক্ষ্যহীন তৰণীৰ

গতিহীন নিৰৱতা

ভেদ কৰি গলোঁ বহুদূৰ

নিজান নিমাত হায়

জীৱন সাগৰ পাৰ

এতিয়াও পৰা নাই ওৰ।

ধীৰে ধীৰে যাব মোৰ

বাধাহীন নাও খনি

দূৰ আৰু অতি দূৰলৈ;

ছিগি গ’ল আলজৰী

ফুটি য’ক নাও তলি

তথাপিও ভটীয়াম মই।

যেতিয়া শিকিম মই

ভাললগা কথাবোৰ

বতাহতে বৰষিম মই,

ভয়লগা সাগৰৰ

বিভীষিকা হৰষত

উটুৱাম কাটি শত ঢ’উ।

তেতিয়া কৰিম মই

দৰদী প্ৰিয়াক মোৰ

পৰাণৰ প্ৰিয়া বিনন্দীয়া

হাত পাতি খুজি লম

তথাপিও যত ফুল

মৰমৰ মালা গাঁথি দিয়া। ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘পদুমৰ অভিযান | Padumor Avijan’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleস্বৰূপ। অমূল্য বৰুৱা 
Next articleবন্দনা। অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here