পৃথিৱী ধুনীয়া কৰিব লাগিব। জ্যোতিপ্ৰসাদ

0

পৃথিৱী ধুনীয়া কৰিব লাগিব। জ্যোতিপ্ৰসাদ

পৃথিৱী ধুনীয়া কৰিব লাগিব। জ্যোতিপ্ৰসাদ

পৃথিৱী ধুনীয়া কৰিব লাগিব

জ্যোতিপ্ৰসাদ

পৃথিৱী ধুনীয়া কৰিব লাগিব তই

চকুৰ পানীতে বুকুৰ তেজেৰে

কবিতা লিখিছোঁ মই

মোৰ বৈজ্ঞানিক লিখনী ডালিত

জুই চিঁয়াহীৰে ভৰা

লিখনীৰ সেই মূখৰ পৰা

উফৰি পৰিছে ত’ৰা

কল্পনাযোগী মোৰ মনে আজি

ভাঙিছে পুৰণি ঘৰ

নতুন সৃষ্টিৰ কমাৰশালত অগ্নি ভয়ঙ্কৰ

ভূমিকম্পক কৰি আনিছোঁ প্ৰধান খনিকৰ।

হেৰ’ নতুনৰ পোহৰ পৰা ল’ৰা

হেৰ’ ছোৱালী বুকু সেউজীৰে ভৰা

তোৰ চকুৰ মণিত জ্বলিছে যুগান্তৰ

তোৰ  মনলে নামিছে সৌৱা

নতুন দিনৰ

নৱতম খনিকৰ।  0 0 0

বিঃ দ্রঃজ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Prithibi Dhuniya Korib Lagib Toi’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ গানত জ্বলে তোৰেই। জ্যোতিপ্ৰসাদ
Next articleমোৰ গানত জ্বলে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here