প্ৰস্তাৱনা | হীৰেন ভট্টাচাৰ্য
প্ৰস্তাৱনা
—হীৰেন ভট্টাচাৰ্য
মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা ।
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত ।
মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝনঝননি । সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি । সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহীদৰ দেহা ।
মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা। ০ ০ ০
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘প্ৰস্তাৱনা Prostawana হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ