পৰজনমৰ শুভ লগনত | বিষ্ণু ৰাভা

0

পৰজনমৰ শুভ লগনত | বিষ্ণু ৰাভা

পৰজনমৰ শুভ লগনত

পৰজনমৰ শুভ লগনত

–বিষ্ণু ৰাভা

পৰ জনমৰ শুভ লগনত 
যদিয়ে আমাৰ হয় দেখা
পুৰাবনে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁথি ৰাখিবা
কাহানিও তুমি নিপিন্ধিবা
শূণ্য মোৰ বুকু হ’ল যে উকা!
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যাবানে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়ৰ জিলিকনি নিবিলায়।
এই জনমৰ গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘পৰজনমৰ শুভ লগনত | Paro Janamar Shuva Laganat’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleতোমাৰ ফুলৰ মালা | বিষ্ণু ৰাভা
Next articleলগন উকলি গল | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here