বন্দনা। অমূল্য বৰুৱা

0

বন্দনা। অমূল্য বৰুৱা

বন্দনা। অমূল্য বৰুৱা

বন্দনা

-অমূল্য বৰুৱা

 

জনম মৰণ আৰু এই ভালপোৱা

সকাম সৰগী দূতে কাণে কাণে কয়

ধৰণীত আচে যত মানৱ দেৱতা

মুক্ত সেই ধূলি পথ ধূলিৰেই জয়

আজিৰ নহয় তেওঁ শত যুগ ধৰি

সুখৰ অমিয়া ধাৰা দিলে উটুৱাই

আবেগ জুমুৰি ল’ই আধাফুটা কথা

প্ৰাণে প্ৰাণে অততীৰ সুখ সোঁৱৰাই।

 

গান তুমি প্ৰাণ ভৰি ভাল পোৱা দেই

ঘিণ তুমি মুঠে নকৰিবা

সৃষ্টিৰ মুখত ফুটা গানৰ গৌৰৱ

আজি সোণ তুমি নুবুজিবা।

মেলি থোৱা মন্দিৰৰ দুৱাৰ মুখেদি

গ’ই তুমি দেৱতা নাপালে,

চৰণৰ চাব দেখি উলটি নাহিবা

মন কৰি কুসুম পাহিলে।

দেৱতাই কোনো দিনে ভুল কৰা নাই

কুসুমৰ কোমল সপোন

মানৱ দেৱতা বুলি নিজৰ মাজত

বিচাৰিলে দেখিবা আপোন।

তাতো যদি একো তুমি নতুন নেদেখা

পুৰণিৰে পাতিবাচো কথা

নতুনক সোঁৱৰাই পুৰণি আহিব

নুবুজাৰ ক’ত শত ব্যথা।

নিবিচাৰি জগতৰ সাধনা সম্বল

বিবেকৰ ভৰিটি বুলোৱা

সময়ৰ বালিচৰ পাৰ হৈ যক

জীৱনৰ শীতল অমিয়া

ঢউ উটি মাৰ যায় সাগৰ পাৰত

সময়ে নুবুজে দেখি চিন তাৰ নাই

তুমি মই আছোঁ আজি এই ধৰণীত

কালিলৈ নাথাকিলে একোৱেই নাই

ধৰণীৰ মানৱৰ বুকুৰ বিচাৰ

মানুহেই হিয়াত নাপালে

জোনোৱালী শৰতৰ ফুলাম ৰাতিত

কিনো হব কালিমা দেখিলে

মই নাই তুমি কিনো মোৰেই নিচিনা

জগৰৰ কিমান আপোন

আছে তুমি যোৱা সোণ সেই বাটেদিয়ে

মিলনৰ নালাগে সপোন।

 

ধৰণীৰ প্ৰায়শ্চিত্ত মানুহেই কৰিব

জগতত তাৰ আগে আগে

মানুহক মানুহৰ আপোন বুলিলে

সেয়ে হব অধিক নালাগে। ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘বন্দনা । Bandana | Amulya Barua’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে। বন্দনা

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleপদুমৰ অভিযান। অমূল্য বৰুৱা
Next articleজ্ঞানৰ চকুৰে যেয়ে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here