বন্ধুবোৰ | ইছমাইল হোছেইন

0

 বন্ধুবোৰ | ইছমাইল হোছেইন

 বন্ধুবোৰ

 বন্ধুবোৰ

–ইছমাইল হোছেইন

মোক হত্যা কৰাৰ আঁচনিত বন্ধুবোৰেই স্বাক্ষৰ কৰিছিল এদিন

সম্প্ৰতি মোৰ সন্মুখতেই নিবিৰ্ববাদে আত্মহত্যা কৰিছে 

কাপুৰুষ বন্ধুবোৰ।

যি দুৰ্দ্দান্ত দুহাতেৰে চিৰাচিৰ কৰাৰ কথা আছিল মোৰ বুকু

সেই দুহাতেৰে বন্ধুবোৰে স্বনাভিমূল কাটিছে, 

উভালিছে নিজৰেই চকু

মোৰ ধমনীৰ তেজেৰে ৰাঙলী কৰাৰ কথা আছিল

বন্ধুবোৰৰ হাত

এতিয়া নিজৰেই হৃদপিণ্ড হত্যাৰ অভিযোগত 

নিজৰ মাজতেই ধৰ্মঘট।

মই নিষ্পলক দৃষ্টিৰে চাই আছো বন্ধুবোৰৰ চকুলে’

মোৰ চকু মেলি

ক’ব নোৱাৰাকৈ মোৰ চকুলৈ ছটিয়াইছে তেজ, 

সিহঁতৰেই বুকু ফালি।

এতিয়া অন্ধ হৈ বন্ধুবোৰে ইজনে -সিজনৰ 

পোছাক খুলিছে অহৰহ

এন্ধাৰত মুখ ঢাকি আয়োজন কৰিছে

ইজ্জত বিক্ৰিৰ পাইকাৰী সমাৰোহ। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘Bandhubor | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleআত্মপাঠ | ইছমাইল হোছেইন
Next articleমণিকুন্তলা | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here