বিপ্লৱী । অমূল্য বৰুৱা

0

বিপ্লৱী । অমূল্য বৰুৱা

বিপ্লৱী । অমূল্য বৰুৱা  

বিপ্লৱী

–অমূল্য বৰুৱা

আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস ;

আমাৰ আছে ভবিষ্যতৰ সুস্থ ৰঙা সূৰ্য্যৰ পিনে চকু ।

বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ

বিকৃত জঞ্জাল ল’ই

জীয়াৰ বুকুত

আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে

শতেক ভৰষা।

গেলা দুৰ্গন্ধ, অস্বাস্থ্যকৰ

হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ

এই ভঙ্গু, পঙ্গু, নৰক কেন্দ্ৰীত দেহৰ দূৰ্ভোগ

আমি

অন্তৰৰ গতিশীল শক্তিৰ

পৰম তৃপ্তিত

দিনে দিনে গঙ্গাস্নান কৰি

লভিছোঁ মুক্তি ।

আমি গঢ়িছোঁ নিজৰ ৰূপ,

সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা,

আমাৰ সংস্কৃতিৰ নৱ সাম্যমন্দিৰ ।

বিশ্বৰ জনসভাত ।

ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি

আমি নহওঁ “নিঃসঙ্গ সুদূৰ।”

স্বৰ্গৰ কোনোবা নন্দন বনত

আমাৰ বাবে নাই

মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ

আমি মানুহ —

জাগতিক পঞ্চভূত জাত আমাৰ

দীপ্তিমান শৰীৰক লাগে

নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ

‘আলট্ৰা ভায়লেট’ ৰশ্মি ;

পুষ্টি সাধক অন্নৰ

তৃপ্তিদায়ক ভৰা থাল ।

তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী।

যুগ পৰিস্থিতিৰ প্ৰতীক

বস্তু আৰু আদৰ্শৰ

দ্বন্দ্বাত্মক গতি

সংগ্ৰাম লিপ্ত বিপ্লৱী। ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘বিপ্লৱী | Biplobi | Biplovi’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleকুকুৰ । অমূল্য বৰুৱা 
Next articleমই জানো ইমান নিঠুৰ । অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here