বিপ্লৱ

0

 

বিপ্লৱ

বিপ্লৱ

–আবুল কালাম আজাদ 

 

আমি বিপ্লৱী

নামানো তোমালোকৰ অপশাসন

ভাঙি চূৰমাৰ কৰিম আমি

তোমালোকে গঢ়া অপশাসনৰ সিংহাসন ।

আমাৰ নিৰৱছিন্ন অবিৰত আন্দোলন গৰ্জি উঠিব

তোমালোকৰ অত্যাচাৰী অপশাসনৰ বিৰুদ্ধে

তোমালোকৰ প্ৰস্তুতি অন্যায়-অপশাসনৰ

জনতাৰ তেজত পানী ঢালি পি খোৱাৰ যুঁজ

অন্যায় অপশাসনৰ বিৰুদ্ধে যুঁজি আমি

আদালতৰ কাঠ গঢ়াত বা ফাঁচি কাঠত

থিয় দিবলৈ প্ৰস্তুত ।

আজিৰ পৃথিৱীত ন্যায়ৰ যুদ্ধত 

বহু বীৰ  অপশাসনৰ কবলত পৰাজিত

অপশাসকৰ কুটিল আগ্ৰাসনত নিচিহ্ন 

শাসকযন্ত্ৰৰ বন্ধীশালৰ আন্ধাৰ কুটীৰত নিহত ।

কেৱলমাত্ৰ …

সহানুভূতিহীন সমবেদনা কৃত্ৰিম চকুলো

সৌজন্যৰ খাতিৰত বিজয়মাল্য অৰ্পণ।

সাম্প্ৰতিক অজ্ঞানীয়ে বিজ্ঞানী, কুখ্যাতই বিখ্যাত

বুদ্ধিজীৱিই দেশদ্ৰোহী।

তথাপিও …  

অপশাসনৰ  বিৰুদ্ধে আমাৰ বিপ্লৱ…

আমি দৃঢ় সংকল্পবদ্ধ । 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleৰুগ্ন পৃথিৱী
Next articleএটি ফুল (কথিকা) । অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here