বিলতে হালিছে ধুনীয়া পদুমী | বিষ্ণু ৰাভা
বিলতে হালিছে ধুনীয়া পদুমী
–বিষ্ণু ৰাভা
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল।
গছৰে ডালতে গাইছে কুলিয়ে
কু-উ কু-উ কৈ
দূৰ দূৰণিতে জুৰিটি নাচিছে
ঝিৰ-ঝিৰ ঝিৰ-ঝিৰ কৈ
নিজান বননীতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰৈ। 0 0 0
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Bilate Haliche Dhuniya Padumi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ