বিশ্ববিজয়ী নজোৱান। বিষ্ণু ৰাভা

1

বিশ্ববিজয়ী নজোৱান। বিষ্ণু ৰাভা

বিশ্ববিজয়ী নজোৱান। বিষ্ণু ৰাভা

বিশ্ববিজয়ী নজোৱান

–বিষ্ণু ৰাভা


শক্তিমান! জাগা জাগা শক্তিশালী বিশ্ববিজয়ী ন-জোৱান
শিলা ভাঙি পাহাৰ পৰ্বত ধবংসি গঢ়া অলকা  নগৰী
কন্দৰ খান্দি বোৱাই তোলাহি অমৃত ধাৰা নিজৰি।

আকাশৰ মেঘৰ কলিজা ফালি আন বিজুলীৰ বান
বিদাৰি মধ্যাকৰ্ষণ গৰ্ভ  তুলি লোৱা চুম্বক টান।
খাণ্ডব দহন ৰূপে জ্বলোৱা বননি জঙ্গল দুৰ্গম
সেন্দুৰী আলি বাট পথ সাজি কৰা পথিকৰ সুগম
থলে জলে অন্তৰীক্ষে চলোৱা বেগবান ভাপ যান
ধৰণী কৰমি অমৃত খাদ্য কৰা ধৰাবাসীক দান।
শক্তিমান ! জাগা জাগা …. ।

কুৰূপ ধৰা সুৰূপ কৰা অৰূপক দিয়া ৰূপদান
অশেষ শ্ৰমৰ ফলতে আজি গোটেই বিশ্ব ৰূপবান
দানৰ সলনি পোৱা নিষ্পেষণ, নিপীড়ণ প্ৰতিদান
শ্ৰমিক ধনতে নিৰ্ধনী হয়, অত্যাচাৰী ধনবান।
শক্তিশালী! জাগা জাগা … ।

অস্ত্ৰ তোমাৰ হাল, কোৰ, কুঠাৰ, জাঠি ,বজ্ৰ, বান
চলোৱা বিল্পৱ অভিযান, গঢ়া নকৈ বিশ্ব স্বৰ্গমান
সাম্য, মৈত্ৰী, স্বাধীনতা এই ত্ৰিবিধ আদৰ্শ জ্যোতিস্মান
স্বৰ্গৰ আশীষ শিৰতলৈ বীৰ হোৱা সবে আগুৱান
শক্তিমান! জাগা জাগা … । 0 0 0

বিশ্ববিজয়ী নজোৱান

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘জাগা জাগা শক্তিশালী বিশ্ববিজয়ী নজোৱান | Jaga Jaga Shaktishali Bishwabijoyee’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমেঘমল্লাৰ মেঘমল্লাৰ। বিষ্ণু ৰাভা
Next articleThe Portrayed of a Lady | Question Answers

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here