বেশ্যা । অমূল্য বৰুৱা 

3

বেশ্যা । অমূল্য বৰুৱা

বেশ্যা । অমূল্য বৰুৱা

বেশ্যা

–অমূল্য বৰুৱা 

কুৰি শতিকাৰ যান্ত্ৰিক যুগৰ সভ্যতাৰ

তায়ো এজনী মানুহ ।

তেজ, মাংস, অস্থি, চৰ্ম, স্নায়ুৰে ভৰা

যন্ত্ৰমান দেহ পিঞ্জৰাটোৰ মাজত

বায়বীয় জীৱটোৰ

আৱশ্যকীয় ভোকৰ ভাত আৰু পিয়াহৰ পানীৰ

অভাৱটোৱেই যেতিয়া চূড়ান্ত

আৰু তাৰ বাবেই যেতিয়া এমুঠি টকাৰ প্ৰয়োজন

আত্ম-সন্মানৰ দাম্ভিক চক্‌চকীয়া মুখা পিন্ধা

ৰায়চাহেব শৰ্মা, খানবাহাদুৰ ইকবাল

ই. এ. চি. ফুকনৰ বুকুতো যেতিয়া

তেওঁলোকৰ ঘৰৰ ডিঙিত শিকলি দিয়া বিলাতী কুকুৰটোৰ দৰে

চেপি ৰখা দুৰন্ত কামনাৰ তাড়না

আৰু তাৰে চাৰিতাৰ্থৰ বাবেই চোৰৰ দৰে আন্ধাৰৰ আঁৰ লৈ

তাইৰ ঘৰলৈ সিহঁতৰ গোপন আগমন-

এটোপা সুৰা আৰু ‘ছাকী’ৰ চাকনৈয়াত উটি

ওমৰৰো যেতিয়া জীৱনৰ নিগূঢ় কৰুণতাৰ

দাৰ্শনিক ব্যাখ্যা দিয়াৰ একান্ত অধিকাৰ

সমাজৰ ব্যভিচাৰত কক্ষচ্যুত,

অৰ্থনৈতিক সমস্যাত জলাকলা

পৰমুখাপেক্ষী মৰিবলৈ ধৰা তাইৰ জীৱনটোক

আত্ম-সন্মান, নাৰী পবিত্ৰতাৰ বিৰাট প্ৰবঞ্চনাৰে ঠগি

তিলে তিলে জহি যাবলৈ দিয়া অৰ্থহীন কৌতুহলটোক

তাই তাইৰ আৱশ্যকতাহীন জীৱনটোতকৈয়ো বিড়ম্বন বুলি ভাবে

সেয়েহে হয়তো

সুৰা গান আৰু নৃত্যৰ মজলিছৰ আৰাম ‘কামৰাত’

পৃথিৱীৰ বোকাৰে সজা দেহা বেচি

তাই হল নৃত্যৰতা, কামৰতা, কলুষ বেশ্যা

আজিৰ নগণ্য আত্ম-সন্মানৰ ভীৰুতাক বিসৰ্জন দি

তাই বাছি ল’লে জীৱনৰ এটি সহজ নিশ্চিন্ত উপায়।

কিন্তু সিমান সহজো নহয়।

তাৰ বাবে তাইক লগা হ’ল বিশ্ব বিখ্যাত মনোবিজ্ঞান বৈশ্লেষণিক পণ্ডিত

ফ্ৰয়েডৰ, যৌন তাত্ত্বিক হেভলক্‌ ইলিচৰ

যৌন-তত্ত্বৰ ক খ গ ৰ জ্ঞান ;

গৰ্ভৰোধ, গৰ্ভপাতৰ কিছুমান সহজ উপায় ;

বাৎসায়নৰ কাম-শাস্ত্ৰৰ প্ৰেমাভিনয়ৰ কিছুমান উন্নত মনোৰঞ্জক লাস্য,

অৰিয়েন্টেল নৃত্য আৰু সঙ্গীতৰ নিখুঁত সুৰ আৰু ভঙ্গিমা

তানপুৰা আদি যন্ত্ৰবাদ্যৰ এটা পূৰা ‘ছেট’ ,

সেমেকা সন্ধিয়া গৰম কৰা Red Sealed XXX  অৰ

কিছুমান ৰঙা বটল;

বেঙ্গল কেমিকেল কোম্পানীৰ সুগন্ধি প্ৰসাধন,

কমলালয়ৰ কেইখনমান আকাশী ৰঙৰ শাড়ী,

আৰু কত কি?

—তাইৰ বাবে নহয়,

এইবিলাক ‘চব’ সিহঁতৰ বাবে।

সিহঁতক লাগে কেৱল আনন্দ

কেৱল কামনা তৃপ্তিৰ কোলাহল পূৰ্ণ মাতলামিৰ মন বোৱতী সূঁতি।

আৰু তাই যেনিবা সিহঁতৰ

টোপনিৰ পৰা উঠা অলস চিন্তাৰ একাপ গৰম মিঠা চাহ,

টকাৰ এৱাঁ সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতলা নাচ

তাইৰ নাই জীৱন, তাইৰ নাই ভাগৰ, তাইৰ নাই কোনো ক্লেশ ;

তাইৰ জীৱনৰ সহজ গতিটোৰ

ৰুদ্ধ হৈ যোৱা স্বাভাৱিক প্ৰসাৰতাৰ প্ৰতি সিহঁত অন্ধ ।

প্ৰগতিশীল ‘ইনটেলেক্‌ছুৱেল’ কবি মি. বৰুৱাই হয়তো নিৰ্ভীক

ভাবেই কয়,

এই বাৰাঙ্গনা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট নকৰক

মই গৌৰৱ কৰোঁ

ভাৰতৰ দুটা পুৰণি ৰত্ন আজিওঁ সিহঁতে জীয়াই ৰাখিছে,

অৰিয়েণ্টেল ডানচ্‌ আৰু অৰিয়েন্টেল মিউজিক্‌ ।

সিহঁত নোহোৱা হ’লে একেবাৰে লোপ পালেহেঁতেন ।

অৰ্থনীতিৰ অধ্যাপক বানাৰ্জীয়ে হয়তো ক’ব ;

ভাৰতৰ বৰ্তমান অৰ্থ-নৈতিক অৱস্থাত ইহঁত অৱশ্যম্ভাৱী

ইহঁতৰ জন্ম কোনো বিদ্যুৎ-প্ৰবাহো নহয়,

বজ্ৰপাতৰ আকস্মিক আঘাতো নহয় ।

‘অমৃত বাজাৰ’ৰ সম্পাদকে সেয়েহে হয়তো আমাক বাতৰি যোগায়

অকল কলিকতা মহানগৰীতে ৪৫ হাজাৰৰো ওপৰ

গৱৰ্ণমেণ্টক কৰ শোধোৱা

(চমৎকাৰ গৱৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ )

আৰু বা ক’ত বে-আইনী বেশ্যাৰ বাস।

কিন্তু সিহঁতৰ বে-আইনী ব্যৱসায়ত নাই

‘মুনাফাখোৰ’ পণ্ডিত সিঙৰ

১০০ টিং চোৰাং মিঠাতেলৰ লাভৰ অংশ

বা মন্ত্ৰী আলি চাহাবৰ ভাতিজাক

টেক্স্‌ টাইল চুপাৰিন্টেনডেন্ট আশ্ৰফ আলিৰ

গোপন সন্মতি গ্ৰাহী ক’লা বজাৰৰ চোৰাং ধনৰ ভাগ ;

নাইবা মৰা অসমীয়াৰ পচা জঁকা টানি

অসমৰ উৰ্বৰা পতিত মাটিত জাকে জাকে পমুৱা শগুনৰ

আক্ৰমণমূলক বেআইনি দখল ।

তাইৰ মাৰ্জিত অৰ্জন মাত্ৰ

চৌখিন ধনীৰ যুক্তি সন্মত ব্যয়ৰ এটা নগণ্য অংশ,

তাইৰ ওঁঠত নাই নিষ্পেষিতৰ বুকু শোহা

কেঁচা তেজৰ নিলাজ চেকা।

আছে মাথোঁ বিলাসী ধনীৰ মোনাৰ টকাৰে কিনা

লিপ্‌ ষ্টিকৰ সমুজ্জ্বল ৰং

তথাপি তাইক সকলোৱে ঘিণ কৰে, হাঁহে,

হায় লাঞ্ছিতা বেশ্যা ।

কিন্তু আন্ধাৰৰ আঁৰৰ কামুক ভদ্ৰবেশী দস্যুৰ দল

পোহৰত ইমান জিলিকা ।

হুইটমেনে অৱশ্যে কান্দে,

আমাৰ বৰুৱা কবিয়েও কান্দে,

এজনে কান্দে তাইৰ সৌন্দৰ্য্যৰ জঁকাটোত

কৃত্ৰিম প্ৰসাধনৰ অত্যাচাৰেৰে

ঈশ্বৰৰ সুন্দৰ সৃষ্টিত আনৰ মন-যোগনীয়াৰ হ’বৰ বাবে,

দুটা টকা অহাৰ বাট মুকলি ৰখাবৰ বাবে

ধুনীয়া বোলাবৰ হাঁহি উঠা বাসনাটো দেখি।

ইজনে কান্দে পতিতা ‘গাভৰু ওঁঠৰ লালিমাৰ’ বাবে

তেওঁৰ উদভ্ৰান্ত প্ৰেমিক হৃদয়ৰ মানৱীয় কামনাৰ পলাশ জুইত

উৰণীয়া চগাৰ দৰে আত্ম আহুতি দিয়াৰ নিমন্ত্ৰণ জনাই

তেওঁ কান্দে কুৰি শতিকাৰ নিৰ্ভীক দেৱদাসীৰ বাবে।

অজন্তা ইলোৰাৰ ৰূপদক্ষ শিল্পীৰতো তাই এক অভাৱনীয় প্ৰয়োজন

উলঙ্গ নাৰী-সৌন্দৰ্য্যৰ সাধনাৰ গোপন কক্ষত

তাইযে জীৱন্ত সৌন্দৰ্য্যৰ চিৰ-নতুন প্ৰতীক ।

আৰু এই সংগ্ৰামলিপ্ত কামনাৰ আগত উছৰ্গিত

খাকী জীৱনবিলাকৰ উন্মত্ত কাম বুভুক্ষাৰ পথত

তাই এক সামাজিক শৃঙ্খলাৰ শাসক ।

কিন্তু সমাজৰ ধৰণীধৰ দলেই তাইক ভয় কৰে আটাইতকৈ বেচি,

দেশদ্ৰোহী, জাতিদ্ৰোহী, সমাজদ্ৰোহী তাই,

অগ্নিক সাক্ষী কৰি লোৱা কত পতিব্ৰতা স্ত্ৰীৰ

মদ্যপায়ী জন্তু স্বামীৰ তায়ে সৰ্বনাশৰ হেতু ।

কত ভবিষ্যৎ দেশ-গৌৰৱ, দেশ-নেতাৰ

উদভ্ৰান্ত যৌৱন মাদকতাৰ ভোগ যাচি

ক্ষয়ৰোগ, গনোৰিয়াৰ যন্ত্ৰণাত অকাল মৃত্যুৰো মূল তায়ে ।

তাতোকৈ,

চৰিত্ৰৰ কৰ্ণধাৰ, সমাজত নীতি বিচাৰৰ ফটা-ঢোল কোবোৱা

বৰমূৰীয়া সকলৰ গোপন চৰিত্ৰৰ তাই যে কষটিশিল ।

তথাপি তুমি মহীয়ান্‌

হে গোপন প্ৰিয়া —

কুৰিখন চাহ বাগানৰ মালিক বৰুৱা হাকিমে

হাজাৰ কুলীৰ তেজ শুহি অনা অক্ষয় ঐশ্বৰ্য্যৰ

তুমি কি শান্তি ৰূপী লক্ষ্মী গৃহিণী ।

মনীষী সকলৰ তৰ্কচক্ৰত তুমি যে এক গবেষণাৰ বিষয়

ভাৰত স্বাধীনতাতকৈও গুৰুত্বৰ,

চান্‌ফ্ৰাঞ্চিচকোৰ ভবিষ্যৎ আন্তৰ্জাতিক পৰিকল্পনাতকৈও সমস্যাপূৰ্ণ

কোনে জানে তোমাৰ চকুত, তোমাৰ ওঁঠত, তোমাৰ দেহত

মনালিছাৰ কি ৰহস্যময় লাস্য,

সি আত্মপ্ৰতিষ্ঠা আত্ম তৃপ্তিৰ গোপন অৰ্থপূৰ্ণহাঁহি,

নে সমাজৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে কটাক্ষ বিদ্ৰূপ,

প্ৰতিহিংসাৰ অস্ফুটি ত উত্তপ্ত লাভাৰ জ্বলন্ত ফিৰিঙতি?

ধন্য হে কুৰি শতিকাৰ নৃত্যশীলা কোকিল-কণ্ঠা চিত্ৰলেখা,

তোমাৰ ছলনাত

শত অনিৰুদ্ধ, অসুৰ বাণৰ ৰুদ্ধ কাৰাগাৰত বন্দী ;

দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণৰ অব্যৰ্থ সুদৰ্শন চক্ৰও হয়তো

তোমাৰ আগত শক্তিহীন।

তোমাৰ একো নাই—

আছে মাথোঁ অলস বাহুৰ এটি প্ৰাণহীন দুৰ্বল বান্ধনি,

এটি তেজ নাইকিয়া শেঁতা হাঁহি

আৰু উলঙ্গ দেহৰ উৎকত কামুকতা,

হে যান্ত্ৰিক যুগৰ যন্ত্ৰপ্ৰায় বিশ্ব প্ৰিয়া

কোনে কয় তুমি বাৰাঙ্গনা ?

তুমিয়ে ধনীক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱাৰ শ্ৰেণী সংগ্ৰামৰ

এটা সংকট পূৰ্ণ ‘ষ্ট্ৰেটেজিক পইণ্ট’

তুমি কুৰি শতিকাৰ লগ্ন সভ্যতাৰ

নিৰ্ভীক বীৰাঙ্গনা। ০ ০ ০

বেশ্যা

বিঃ দ্রঃ অমূল্য বৰুৱাৰ বেশ্যা উক্ত ‘বেশ্যা | Beisha’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে। বেশ্যা

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleনদীৰ ঢেওর পরে ঢেও
Next articleA House is Not a Home | Question Solutions

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here