মণিকুন্তলা | ইছমাইল হোছেইন

0

মণিকুন্তলা | ইছমাইল হোছেইন

মণিকুন্তলা

মণিকুন্তলা

–ইছমাইল হোছেইন

ভোমোৰাই জানো জানে জোনাক ৰাতি 

হাচনাহানা ফুল ফুলেনে নুফুলে ?

তুমি মোক নক’বা হাচনাহানা ৰাতিৰ কথা– 

সুঘ্ৰাণ লই শুই থকা সাপবোৰে ফণা তুলিব

তুমি মোক নুশুনাবা কোনেও নুশুনা গান– 

সুৰবোৰৰ তালে তালে মানুহবোৰ  বেসুৰা হ’ব

তুমি মোক নেদেখুৱাবা কোনেও নুশুঙা ফুল–

সৌগন্ধবোৰ সৰি সৰি দূৰ্গন্ধ ওলাব।

তুমি মোক লৈ নাযাবা ৰূপকোঁৱৰৰ দেশলৈ– 

তালৈ গ’লে মানুহবোৰ কুৎসিত হয়,

তুমি মোৰ কাষলৈ নাহিবা বতৰা ল’বলৈ–

মোৰ সমস্ত শৰীৰ জুৰি কোষ্ঠ ৰোগীৰ ভয়।

তুমি মোক নক’বা সতীৰ কাহিনী–

স্বামীৰ সন্মুখতেই নাৰীবোৰ ধৰ্ষিতা হ’ব

তুমি মোক নুশুনাবা অধিকাৰৰ বাণী–

গৰ্ভৱতী মাতৃৰ অকস্মাতে গৰ্ভপাত হ’ব

তুমি মোৰ বাবে নজ্বলাবা হোমৰ অগনি–

কুমাৰী দেহবোৰ পুৰি ছাঁই হ’ব।

তুমি  মোক লৈ ব’লা সেই দেশলৈ–

য’ত কোনো নাৰী আজিলৈ ধৰ্ষিতা হোৱা নাই

তুমি মোক লৈ যোৱা সেই সন্তানৰ কাষলৈ–

মাতৃ স্তন মুখত লৈ যাৰ মৃত্যু হোৱা নাই

তুমি মোক লৈ যোৱা সেই মাতৃৰ বুকুলৈ–

বেয়োনেটৰ আঘাতত যাৰ গৰ্ভপাত হোৱা নাই।

“তুমি মোক দাম্পত্য ক্ষুধাৰ বিড়ম্বনা হ’বলৈ নিদিবা সবেৰা–

মোক লৈ ব’লা নদীৰ কাষলৈ- তাৰ সমতলত মোৰ ঘৰ সজাম

মোক লৈ ব’লা আকাশৰ বুকুলৈ — 

তাৰ দিগবলয়ত মানুহবোৰ চাম

য’ত আছে নক্ষত্ৰ পুৰুষ, সূৰ্য সন্তান, প্ৰেমৰ গান, জীৱনৰ গান। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘মণিকুন্তলা | Manikuntola | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous article বন্ধুবোৰ | ইছমাইল হোছেইন
Next articleসাম্প্ৰদায়িকতা | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here