মা | ইছমাইল হোছেইন

0

মা | ইছমাইল হোছেইন

মা

মা

–ইছমাইল হোছেইন

 

তুমি মোক জীৱনৰ কি যে নিবিড় আলিঙ্গন দিলা

তুমিনো কোন কাননৰ সূৰ্যসম পুষ্পধাৰ

তোমাৰ উমাল আৱেশত জোনাকে সলায়নে ছাঁ

তোমাৰ কুঁৱলী আৱৰা মেল খোৱা পাহিত

সদায় লিখিবলৈ মন যায় মোৰ পঢ়াশালিৰ ইতিহাস।

তুমি মোৰ দৃষ্টিত পাল তৰা নাও

শৈশৱৰ সোণালী স্মৃতি

তুমিতো মোক নেজানা মই যে এই পাৰঘাটৰেই নাৱৰীয়া

তোমাৰেই উপত্যকাৰ আদিম অধিবাসী।

মই তোমাৰ নামেৰেই আৰম্ভ কৰো

মোৰ সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা

নদীৰ ধাৰাল সোঁতৰ বিপৰীতে বঠাৰ পৌৰুষ খোজ।

‘তুমি প্ৰেমৰ নক্ষত্ৰ নে শান্তিৰ গভীৰ জলাধাৰ

তুমি কোন সৌৰজগতৰ সুৰভি আকাশ

নে মোৰ চৰণীয়া পথাৰৰ গৰখীয়াৰ  মাত।

এবাৰ মাথোন এবাৰ মোৰ বুকুত ৰুই দিয়া

তোমাৰ স্পৰ্শত গজা বসন্তৰ ঘাঁহ

এবাৰ মাথোন মোৰ বুকুত চটিয়াই দিয়া

তোমাৰ দেহৰ শুভ্ৰ জোনাক।

তুমি মোৰ চেতনাত

শিশুৰ মুখৰ প্ৰথম মাত। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘মা | Maa | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleদেশ | ইছমাইল হোছেইন
Next articleযুদ্ধৰ বিৰুদ্ধে | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here