মোৰ গানত আছে। জ্যোতিপ্ৰসাদ

0

মোৰ গানত আছে। জ্যোতিপ্ৰসাদ

মোৰ গানত আছে। জ্যোতিপ্ৰসাদ

মোৰ গানত আছে

—জ্যোতিপ্ৰসাদ

মোৰ গানত আছে 

সোণ সপোনৰ

সাৰ নোপোৱা ৰূপ

মোৰ গানত উৰে

বিশ্ব পূজাৰ

গন্ধময়ী ধূপ।

মোৰ গানত আছে

নতুন দিনৰ

ন কইনা শুই

তাইৰ বুকুত আছে

তিনিও ভূৱন 

পোহৰ কৰা জুই।

অহা কালিৰ ধলপুৱাতেই

তাই যে সাৰ পাৱ 

নতুন দিনৰ নতুন ফুলৰ

গুটি সিঁচি যাব। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘মোৰ গানত আছে সোণ সপোনৰ | Mur Ganot Ache Son Soponar‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleবিশ্ব বিজয়ী নৱ জোৱান। জ্যোতিপ্ৰসাদ
Next articleBenefits of Studying Abroad

LEAVE A REPLY

Please enter your comment!
Please enter your name here