লগন উকলি গল | বিষ্ণু ৰাভা

0

লগন উকলি গল | বিষ্ণু ৰাভা

লগন উকলি গল

লগন উকলি গল

–বিষ্ণু ৰাভা

 
লগন উকলি গল 
তেওঁ যে নহ’ল কোৱা
মনৰ কথাটি মোৰ 
হিয়াত গুপুতে থোৱা।
 
কিমান হেঙুলী উষা
কিমান জোনাকী নিশা
মিছাতেই গ’ল মোৰ
কিমান গধূলি পূৱা।
 
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে।
 
শুনিছানে সেই সুৰ
পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা! ভালপোৱা! 0 0 0
 
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘লগন উকলি গল | Lagan Okali Gol’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleপৰজনমৰ শুভ লগনত | বিষ্ণু ৰাভা
Next articleঅ অসমীয়া ডেকা দল | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here