লুইতৰ পাৰৰে আমি। জ্যোতিপ্ৰসাদ

0

লুইতৰ পাৰৰে আমি। জ্যোতিপ্ৰসাদ

লুইতৰ পাৰৰে আমি। জ্যোতিপ্ৰসাদ

লুইতৰ পাৰৰে আমি

—জ্যোতিপ্ৰসাদ

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

মৰিবলৈ ভয় নাই

আই আই আই।

মুকুতি মেধৰ মাহন মেজিৰ 

নেজাল ফিৰিঙ্গতি চাই

পুৰোহিতো যদি থিতাতে আঁতৰি

ত্ৰাসতে মূর্ছা যায়।

আমি আগে বাঢ়ি

ডিঙি পাতি পাতি

তেজৰে বলিশাল যামে আগুৱাই।

তাহানি লাচিতে এৰি থৈ যোৱাৰে

পৰা জননী মোৰ

দুখে বেজাৰৰে

লঘু লাঞ্ছনাৰে আজিও নপৰিল ওৰ।

শত কাপুৰুষ পুৰুষে সহিলেও

আমাৰ যে নসহে গায়।

আমি ডেকা ল’ৰাই 

জীৱনপণ কৰিছোঁ

মোহৰ চকুলো

অসমী আই

কলিজাৰ আই। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Luitor Parore Ami Deka Lora‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ
Next articleঅগ্নিৰে মই খেলা। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here