শিল্পী। অমূল্য বৰুৱা

0

শিল্পী। অমূল্য বৰুৱা

শিল্পী। অমূল্য বৰুৱা

শিল্পী

–অমূল্য বৰুৱা

ৰূপ স্ৰষ্টা খনিকৰ

ক’ত তোৰ ৰূপৰ আঁচনি

সৌন্দৰ্য্যৰ মোহন আঁকৰ,

বিমোহিত চঞ্চলতা

জীৱনৰ উদ্দাম উচ্ছাস

কল্পনাত ৰতন প্ৰাণৰ ।

আৰু ক’ত হৃদয়ৰ

কোমল বেদনা ৰাশি

ব্যৰ্থতাৰ ঘাত-প্ৰতিঘাত,

তৃপিতিৰ সন্ধানত

সানি মোহিনী আভা

জ্বলি উঠে প্ৰাণৰ প্ৰাণত ।

নিৰ্নিমেষ নয়নৰ

ৰূপহ চাৱনিখিনি

সৰলতা কোমলতা অঁৰা

ক’ত তোৰ পৰাণৰ

বিপুল বাসনা জিনি

সুকোমল লোতক নিজৰা ।

 

পাষাণৰ হৃদয়ত

কোমল সৌন্দৰ্য্য ৰাশি

জীৱনৰ প্ৰতিমূৰ্তি আঁকি,

হিয়াৰ ৰহণে তই

যাচিবি যিমানে হিয়া

বেদনাৰ কোমলতা বাকি।

জীৱনৰ পৰিণতি

‘সুন্দৰৰ আৰাধনা’

ক’ত তোৰ সৃষ্টিৰ আয়োজন ।

মনৰ মাজৰ মাথোঁ

আশাৰ তুলিকা ডালি

তাৰে তই বোলাবি জীৱন । ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘শিল্পী | Silpi | Amulya Barua’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleতোলৈ আৰু তেওঁলৈ। অমূল্য বৰুৱা
Next articleহিয়াৰ বাতৰি। অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here