শৰ-সন্ধান | হীৰেন ভট্টাচার্য

0

শৰ-সন্ধান | হীৰেন ভট্টাচার্য

শৰ-সন্ধান

শৰ-সন্ধান

(স্বাধীনতা আৰু শান্তিৰ নামত উৎসৰ্গিত)
—হীৰেন ভট্টাচার্য
 

ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ

তেজি ঘোঁৰা। বসন্তৰ বতাহৰ দৰে

সেই ঘোঁৰাৰ খুৰাৰ ধূলিয়ে

চুমিছিল

মোৰ এই তেজাল আকাশ

আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ।

তাৰ পিছত, পাৰ হৈ গ’ল

চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ

কতনা ধুমুহা।

 

….মই কেতিয়াবা

এতিয়াও সপোনত সাৰ পাই উঠোঁ

আফ্ৰিকা নে তেলেংগানা ক’ৰবাত

সেই ঘোঁৰা যেন হিল-দ’ল ভাঙি লৰিছে

আৰু তোমাৰ চাবুকত চমকি উঠিছে

নিৰ্জ্জন ৰাতিৰ ক্লীৱতা। ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আত্মপাঠ-ইছমাইল হোছেইন
  3. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  4. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  5. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  6. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  7. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  8. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  9. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  10. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  11. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  12. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ

 

Previous articleভোগালী | হীৰেন ভট্টাচাৰ্য
Next articleৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here