সংগ্ৰাম

0

সংগ্ৰাম

সংগ্ৰাম

সংগ্ৰাম

— আবুল কালাম আজাদ 

অজস্ত্ৰ অভাৱী অসমীয়া

জনতাৰ মলিন মুখ

সংগ্ৰাম আমাৰ …

অভাৱী জনতাৰ দুঃখ মোচন

বিচ্যুত কৰা সময়ৰ দুৰ্বাৰ গতি

অবিকৃত সমাজৰ পট-পৰিবৰ্তন

ক্ষমতাচ্যুত কৰা দুৰ্নীতি ক্ষমতালিপ্সু

সংগ্ৰাম আমাৰ …

বাধ্য কৰা প্ৰশাসনক

লাখ লাখ অভাৱী

জনতাৰ বাবে কৰ্মসংস্থাপন।

জাগ্ৰত কৰা সুপ্ত জনতা

 

সংগ্ৰাম আমাৰ …

শুদ্ধ কৰা কলুষিত সমাজ তত্ত্ব

গঢ়া জনহিতাকাঙ্খী প্ৰতিনিধি

সংগ্ৰাম আমাৰ … সংকল্প অটল

 

সংগ্ৰাম আমাৰ …

নিপিড়িত জনতাৰ শক্তি

বুভুক্ষজনৰ মুক্তি

লাঞ্চিত জনতাৰ আপ্যায়ন

বঞ্চিতজনৰ হিতাকাঙ্খী

নিদ্ৰামগ্ন জনতাৰ জাগৰণ

 

আমাৰ সংগ্ৰাম… অহৰ্নিশে

শত-কৌটি অভাৱী জনতাৰ

নীৰৱছিন্ন প্ৰতিবাদৰ যুঁজ

হতাশাগ্ৰস্থ জনতাৰ সৎ সাহস

আন্ধাৰ জগতৰ পোহৰ

সংগ্ৰাম আমাৰ … সোৱাদ মধুৰ। 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত ‘সংগ্ৰাম | Sangram’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleউচ্ছেদ
Next articleমহামাৰী কৰোনা

LEAVE A REPLY

Please enter your comment!
Please enter your name here