সাজু হ সাজু হ নৱ জোৱান। জ্যোতিপ্ৰসাদ

0

সাজু হ সাজু হ নৱ জোৱান। জ্যোতিপ্ৰসাদ

সাজু হ সাজু হ নৱ জোৱান। জ্যোতিপ্ৰসাদ

সাজু হ সাজু হ নৱ জোৱান

—জ্যোতিপ্ৰসাদ

সাজু হ, সাজু হ, নৱ জোৱান

সাজু হ, সাজু হ, নৱ জোৱান

তই কৰিব লাগিব অগ্নিস্নান

জীৱন যৌৱন কৰি প্ৰাণপণ

ৰাঙলী কৰি দে ৰণাঙ্গণ।

জয় শঙ্খ বজা

পৃথিৱী কঁপাই

অত্যাচাৰকো কৰি বৰণ

স্বাধীনতা ধন নতু মৰণ

লোহাৰে শিলেৰে বান্ধি  ল’ মন।

বজ্ৰ কণ্ঠে বিশ্বক শুনা

সত্যৰ জয় গান

বুকুৰ তেজেৰে ধুই দে আজি

ভাৰতৰ অপমান।

সাজু হ, সাজু হ, নৱ জোৱান। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘সাজু হ, সাজু হ, নৱ জোৱান | Haju Ho Hajo Ho Nava Jowan‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজোনোৱালী নিশাৰ ৰূপোৱালি। জ্যোতিপ্ৰসাদ
Next articleজানো জানো বিফলে নাযায়। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here