সাম্প্ৰদায়িকতা | ইছমাইল হোছেইন

5

সাম্প্ৰদায়িকতা | ইছমাইল হোছেইন

সাম্প্ৰদায়িকতা

সাম্প্ৰদায়িকতা

–ইছমাইল হোছেইন

মোক পদাঘাত কৰা 

যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছো বিষ

মগজুত ৰোপন কৰিছো বিভেদৰ বীজ

হে, মানৱতা মোক পদাঘাত কৰা।

মোক দাহ কৰা

মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো

মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো

মন্দিৰৰ পৰা বিতাৰণ কৰিছো ‘হৰে কৃষ্ণ হৰে ৰাম’ নাম

মছজিদৰ পৰা ‘আজান’।

মোক বেত্ৰাঘাত কৰা

মই ‘জামাত’ আৰু ‘সংঘ পৰিয়াল’ৰ প্ৰতিনিধি

মই মুছলিম হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্থান,

পাকিস্থানৰ পৰা থিতাপি লৈছোঁ ঢাকাত

আকৌ হিন্দু হৈ ‘হিন্দু পৰিয়াল’ৰ পৰা আহিছো অযোধ্যাত

মই মীৰাটত আছিলো, মোৰাদাবাদত আছিলো

বোম্বাইতো খেলিছো ধৰ্মৰ ৰণচালি

ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো ছুৰি।

“বঙ্গ হৈ পৰিভ্ৰমণ কৰোতে মোক সোধা হৈছিল-

শ্ৰীচৈতন্য আৰু কবীৰ কোন

অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল–

শ্ৰী শংকৰদেৱ আৰু আজন ফকীৰ কোন?

মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো

যাৰ স্মৰণে কঢ়িয়ায় সম্প্ৰীতিৰ বতৰা

মইতো এনে কোনো কথাই নেজানো

যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চূড়া।

মোৰ এটাই মাথোন কাম

সৃষ্টিৰ সৌধবোৰ ধবংস কৰা

মই হত্যা কৰো মাকৰ বুকুৰ শিশুৰ কথা

মই হত্যা কৰো সেউজ সপোন স্বাধীনতা।

তুমি মোক হত্যা কৰা, হে মানৱতা

মোৰ নাম সাম্প্ৰদায়িকতা।  ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘সাম্প্ৰদায়িকতা | Samprodayikta | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleমণিকুন্তলা | ইছমাইল হোছেইন
Next article৬ ডিচেম্বৰ | ইছমাইল হোছেইন

5 COMMENTS

  1. […] সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন […]

  2. […] সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন […]

LEAVE A REPLY

Please enter your comment!
Please enter your name here