স্বদেশ স্বকাল | হীৰেন ভট্টাচাৰ্য

0

স্বদেশ স্বকাল | হীৰেন ভট্টাচাৰ্য

স্বদেশ স্বকাল

স্বদেশ স্বকাল

—হীৰেন ভট্টাচাৰ্য

 

মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন ।

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ ।

শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত ।

 

থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত

প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল ।

মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;

যাৰে খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল;

স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘স্বদেশ স্বকাল Sbdesh Sbkal হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleসংকট দিন | হীৰেন ভট্টাচাৰ্য
Next articleমোৰ এই শব্দবোৰ | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here