হিয়াৰ বাতৰি। অমূল্য বৰুৱা

0

হিয়াৰ বাতৰি। অমূল্য বৰুৱা

হিয়াৰ বাতৰি। অমূল্য বৰুৱা

হিয়াৰ বাতৰি

–অমূল্য বৰুৱা

কোন শৰতৰ সুধাকৰ আহি

জোনালী যামিনী সোণালী কৰি

আকুল প্ৰাণৰ চেতনা হৰিলে

মোহন বাঁহীৰ মৃদুল সুৰে

কোন অতীতৰ বাতৰি দিলে?

 

নিছিগা বীণাৰ ছিগি গ’ল তাঁৰ

সুৰৰ কঁপনি হ’ল আজি সাৰ

কিনো বিৰহত চাটি ফুটি কৈ

দুগালে দুচকু চকুলো বই

কিহৰ বেদনা বুকুত সামৰি

মৰম বিচাৰি বিলালোঁ বাতৰি।

 

সৌ আকাশ কলীয়া মেঘত

গৰজি উঠিল বলিয়া বজ্ৰ

কোমল তানৰ সমল হৰিলে

চকা মকা হায় বিজুলী লতাই

কোন অতীতৰ বাতৰি দিলে?

 

এনেকুৱা ক’ত মোহন দিনত

ৰচিলোঁ সপোন মিলন সুখত

গোঁজৰণি হ’ল বলিয়া দুৱৰী

বসুধা কঁপাই জনালে বাতৰি

“দুখনি হিয়াৰ সমল বিচাৰি

বিজুলী লতাত দিলেহি আঁৰি ।”

 

এই শৰতৰ জোনালী যামিনী

দুগালে দুচকু লোতক বোৱাই

অভিমানী মোৰ প্ৰিয়া আৰু নাই

ভাগি যোৱা মোৰ হিয়া ফুলনিত

থন ধৰি ফুল নুফুলে দুনাই

বসুধা শুৱনি ধুনীয়া ফুলনি

সেয়ে আজি মোৰ ভাল লগা নাই ।

 

সেয়েহে হিয়াই বেদনা ভৰাই

কান্দিছে ইমান ইনাই বিনাই

সেয়ে মেলি দিছোঁ হিয়াৰ দাপোণ

দেখো বুলি হায় মধুৰ সপোন ।

তাহানি খনৰ দূৰ অতীতৰ

শাৰদী নিশাৰ সপোন পুৰৰ ।

 

ভৰ বাৰিষাৰ গোজৰণি মৰা

‘কলীয়া মেঘৰ’ চকুলো ধাৰা

সেয়েহে ইমান লাগিছে মধুৰ

মিলন সুৰৰ মাধুৰী ভৰা

প্ৰেম পীৰিতিত প্ৰথম ধৰা ।

 

বসুধা কঁপাই গোজৰণি মৰা

ভাল লাগে মোৰ সেই তেনে বেলা

মিলন নিশাৰ মাধুৰীৰে ভৰা

সেয়েহে পাতিছোঁ বিজুলীৰে খেলা

মোৰ সুখবোৰ দুখৰ লগত

সেয়েহে ইমান আদৰেৰে জগা

বিপদ বিঘিনি ভয় আপদৰ

সেয়েহে ইমান নলে-গলে লগা ।

 

শত বসুধাৰ যত আছে দুখ

মোৰ হলে সিয়ে সৰগৰ সুখ

মাধবী নিশাৰ মধুৰ সপোন

হিয়াৰো হিয়াৰ অতিকে আপোন

শত বসুধাৰ য’ত আছে সুখ

মোৰ হলে সিয়ে নৰকৰ দুখ

আন্ধাৰ নিশাৰ দুখৰ সপোন

নিৰাশ প্ৰাণত নিশাৰ দাপোণ । ০ ০ ০

হিয়াৰ বাতৰি

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘হিয়াৰ বাতৰি | Hiyar Batori’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে। হিয়াৰ বাতৰি

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleশিল্পী। অমূল্য বৰুৱা
Next articleসুন্দৰৰ সুখ। অমূল্য বৰুৱা 

LEAVE A REPLY

Please enter your comment!
Please enter your name here