ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী । Rastrapotir Khamata

0

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী

ভাৰতীয় সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিজন হৈছে ভাৰতৰ সাংবিধানিক মুৰববী। ৰাষ্ট্ৰৰ মুৰববী হিচাপে তেওঁ বহুত ক্ষমতা ভোগ কৰে। তলত ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা হ’ল-

আইন প্ৰণয়ন ক্ষমতা

ভাৰতৰ ৰাষ্ট্ৰপতিজন সংসদৰ সদস্য নহয় যদিও তেওঁ সংসদৰ অবিচ্ছেদ্য অংগ। তেওঁ সংসদৰ অধিবেশন আহ্বান কৰিব পাৰে, স্থগিত ৰাখিব পাৰে বা লোকসভা ভংগ কৰি দিব পাৰে। তেওঁ ৰাজ্যসভালৈ ১২ জন সদস্য মনোনীত কৰিব পাৰে। তেওঁ ইংগ-ভাৰতীয় শ্ৰেণীৰ পৰা ২ জন ব্যক্তি লোকসভালৈ মনোনীত কৰিব পাৰে। প্ৰত্যেক অধিবেশনৰ আৰম্ভণিতে তেওঁ উভয় সদসৰ যুটীয়া অধিবেশনত ভাষণ দিব পাৰে। সংসদে গৃহীত কৰা যিকোনো আইনত ৰাষ্ট্ৰপতিয়ে  চহী কৰিব লাগে।

প্ৰশাসনীয় ক্ষমতা

সংবিধান অনুযায়ী ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধান প্ৰশাসনীয় মুৰববী। চৰকাৰৰ সকলো প্ৰশাসনীয় কাম ৰাষ্ট্ৰপতিৰ নামতে পৰিচালিত হয়। তেওঁ সাধাৰণ নিৰ্বাচনত লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ লগতে মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰধান নিৰ্বাচনী আযুক্ত, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সভাপতি আৰু অন্যান্য উচ্চপদস্থ কৰ্মচাৰী সকলক নিযুক্ত কৰে।

বিত্তীয় ক্ষমতা

ৰাষ্ট্ৰপতিয়ে প্ৰত্যেক বিত্তীয় বছৰৰ আৰম্ভণিতে সংসদত আয়-ব্যয় সংক্ৰান্ত বিৱৰণী বাজেট আকাৰে বিত্তমন্ত্ৰীৰ জৰিয়তে উত্থাপন কৰায়। ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে কোনো অৰ্থ সংক্ৰান্ত বিল সংসদত উত্থাপন হ’ব নোৱাৰে। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ চৰকাৰী হিচাপৰ প্রতিবেদন সংসদৰ ওচৰত ৰাষ্ট্ৰপতিয়ে দাখিল কৰিব লাগে। ৰাষ্ট্ৰখনৰ আকস্মিক নিধি ৰাষ্ট্ৰপতিৰ হাতত থাকে।

ন্যায়িক ক্ষমতা

ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়লায়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে। ৰাষ্ট্ৰপতিয়ে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা কোনো ব্যক্তিৰ শাস্তিৰ পৰিমাণ হ্রাস কৰিব পাৰে বা ক্ষমা কৰিব পাৰে।

কুটনৈতিক ক্ষমতা

ৰাষ্ট্ৰপতিয়ে আন্তৰ্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ প্ৰতিনিধিত্ব কৰে। তেওঁ বিদেশী ৰাষ্ট্ৰসমূহৰ লগত কূটনৈতিক সম্পৰ্ক স্থাপন কৰে। ৰাষ্ট্ৰপতিয়ে অন্যান্য দেশলৈ কূটনৈতিক বিষয়া পঠায় আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ প্ৰত্যয় পত্ৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ নামতে বিদেশৰ লগত সন্ধি বা চুক্তি সম্পন্ন কৰা হয়।

সামৰিক ক্ষমতা

ৰাষ্ট্ৰপতি ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক। তেওঁ স্থল, জল আৰু বায়ু বাহিনীৰ মুৰব্বী সকলক নিযুক্তি দিয়ে। তেওঁলোকক বদলি বা অপসাৰণ কৰিব পাৰে। সামৰিক বাহিনীৰ সৰ্বাধিনায়ক হিচাপে ৰাষ্ট্ৰপতিয়ে কোনো দেশৰ লগত যুদ্ধ ঘোষণা বা সন্ধি স্থাপন কৰিব পাৰে।

জৰুৰী ক্ষমতা

ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৬০ নং অনুচ্ছেদলৈ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে- জাতীয় জৰুৰী ক্ষমতা, শাসন সংক্ৰান্তীয় জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। জৰুৰী অৱস্থাৰ সময়ত দেশৰ শাসন ভাৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। ৰাষ্ট্ৰপতিয়ে নিজৰ প্ৰতিনিধিৰ দ্বাৰা যেনে- ৰাজ্যপাল বা সংসদৰ জৰিয়তে শাসন কাৰ্য পৰিচালনা কৰে। ০ ০ ০.

Previous article19th Century American Literature
Next articleভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচন পদ্ধতি