আদৰ্শ অসমীয়া হস্তলিপি-১

0

আদৰ্শ অসমীয়া হস্তলিপি-১

আদৰ্শ অসমীয়া হস্তলিপি-১

আদৰ্শ অসমীয়া হস্তলিপি-১

আদৰ্শ অসমীয়া হস্তলিপি-১

প্ৰথম শ্ৰেণীৰ বাবে 
প্ৰস্তুতকৰ্তা
গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি
গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)
আদৰ্শ অসমীয়া হস্তলিপি -১
সৰ্বস্বত্ব প্ৰকাশকৰ দ্বাৰা সংৰক্ষিত
প্ৰকাশক: গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ বৰেপটা (অসম)
আদৰ্শ অসমীয়া হস্তলিপি -১
ডি. টি. পি.
গ্রোহিলচ্‌ পাব্লিশিং ডি. টি. পি. অপাৰেটৰ্চ
আদৰ্শ অসমীয়া হস্তলিপি -১
আগকথা 
কলম বা পেঞ্চিলৰ সহায়ত হাতেৰে লিখা আখৰেই হাতৰ আখৰ। হাতৰ আখৰ হৈছে শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। হাতৰ আখৰ নিশিকাকৈ কোনোৱে প্ৰকৃত অৰ্থত শিক্ষিত বুলি দাবী কৰিব নোৱাৰে। পৃথিৱীত বৰ্তি থকা সৰহভাগ ভাষাৰ ছপা আখৰ আৰু হাতে লিখা আখৰৰ শৈলীৰ মাজত কিছু পাৰ্থক্য দেখা যায়। হাতৰ আখৰ ভাল হোৱা উচিত। মহাত্মা গান্ধীয়ে হাতৰ আখৰক শিক্ষাৰ এক প্ৰধান অংগ বুলি স্বীকাৰ কৰি নিজৰ বেয়া হাতৰ আখৰৰ বাবে আজীৱন শোক কৰিছিল। ভাল হাতৰ আখৰৰ বিশেষ গুৰুত্ব আৰু তাৎপৰ্য আছে। যেনে-
.
প্ৰথমতে, হাতৰ আখৰ ভাল হ’লে শিক্ষণ কাৰ্যত মনোযোগ আৰু আগ্ৰহ বৃদ্ধি পায়।
দ্বিতীয়তে,  ভাল হাতৰ আখৰে বোধশক্তি আৰু স্মৃতি শক্তি বৃদ্ধি কৰে।
তৃতীয়তে,  ভাল হাতৰ আখৰে এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত ইতিবাচক প্ৰভাৱ পেলায়।
চতুৰ্থতে,  ভাল হাতৰ আখৰৰ অধিকাৰী ছাত্ৰ বা ছাত্ৰী এজনে অতি সোনকালে শিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
পঞ্চমতে, হীনমন্যতােবাধত ভূগি থকা ছাত্ৰ এজনে ভাল হাতৰ আখৰৰ অধিকাৰী হ’লে হীনমন্যতাবোধ ৰোগৰ পৰা প্ৰতিকাৰ পাব পাৰে।
ষষ্টতে, ভাল হাতৰ আখৰে মানসিক সন্তুষ্টি  প্ৰদান কৰে।
.
সেয়ে ভাল হাতৰ আখৰৰ  গুৰত্ব অনুধাৱন কৰি ইয়াক শিক্ষাৰ কীবোর্ড বুলি ক’ব পাৰি।
.
ইয়াতে বিশেষ লক্ষণীয় যে হাতৰ আখৰ ব্যক্তি ভেদে ভিন ভিন শৈলীৰ হয়। আজিকালি কম্পিউটাৰত আখৰৰ বহুত শৈলী পোৱা যায় যদিও সকলোবোৰ শৈলী আদৰ্শ শৈলী বুলি আমি ক’ব নোৱাৰোঁ। কিন্তু আমি যি শৈলী অনুসৰণ নকৰোঁ কিয়, হাতৰ আখৰ ভাল হোৱা উচিত। হাতৰ আখৰ ভাল কৰাৰ বাবে বহুত অনুশীলনৰ প্ৰয়োজন যদিও ভাল হাতৰ আখৰৰ কিছুমান বৈশিষ্ট্য আছে। যেনে-
 .
প্ৰথমতে, হাতেৰে লিখাৰ সময়ত এটা শব্দৰ ভিতৰত থকা আটাইবোৰ বৰ্ণ সংলগ্ন থাকিব লাগে।
দ্বিতীয়তে,  হাতৰ আখৰ পোন বা সোঁফালে সামান্য হেলনীয়া হ’ব লাগে। বাওঁপিনে হেলনীয়া হোৱা উচিত  নহয়।
তৃতীয়তে, হাতৰ আখৰ অতি সৰু বা অতি ডাঙৰ হ’ব নালাগে।
চতুৰ্থতে, হাতৰ আখৰ সদায় এটা শৈলীত লিখিব লাগে।
.
ইয়াৰ উপৰিও হাতৰ আখৰ অনুশীলন কৰাৰ সময়ত তলত উল্লেখ কৰা দিশেবাৰ মানি চলা উচিত।
.
প্ৰথমতে, শিকাৰু এজনে তেওঁৰ ভাল লগা আৰু সহজ যেন লগা এটি আৰ্হি অনুকৰণ কৰিব লাগে।
দ্বিতীয়তে, প্ৰাথমিক স্তৰত ছাত্ৰ-ছাত্ৰীসকলে বা যিকোনো শিকাৰুৱে  কাঠ পেঞ্চিল বা ফাউন্টেইন পেন (নিব থকা কলম) ব্যৱহাৰ কৰিব লাগে। কেতিয়াও বল (ডট) পেন ব্যৱহাৰ কৰিব নালাগে।
তৃতীয়তে, অনুশীলনৰ সময়ত চাৰি-আঁচ বিশিষ্ট বহী ব্যৱহাৰ কৰিব লাগে।
চতুৰ্থতে, হাতৰ আখৰ অভ্যাস কৰোঁতে শিকাৰু এজনে চিয়াৰত বহি টেবিলৰ ওপৰত বহী থৈ আৰ্হি চাই অনুশীলন কৰিব লাগে। কেতিয়াও বিচনাৰ ওপৰত বহি তপিনাত ভৰ দি অনুশীলন কৰিব নালাগে।
পঞ্চমতে, টেবিলৰ উচ্চতা ছাত্ৰজনৰ বুকুলৈকে হ’ব লাগে।
ষষ্টতে, পোহৰ ছাত্ৰজনৰ বাওঁপিনৰ পৰা পৰিবলৈ দিব লাগে।
সপ্তমতে, ছাত্ৰজনে ব্যৱহাৰ কৰা টেবিলখন পৰিপাটি হোৱাৰ লগতে মুকলি স্থান থাকিব লাগে। কিতাপ-পত্ৰৰে ঠাহ খাই থকা হ’ব নালাগে।
অষ্টমতে, ছাত্ৰজনে প্ৰত্যেক দিনেই হাতৰ আখৰ অনুশীলন কৰিব লাগে।
নৱমতে, ছাত্ৰজনে হাতৰ আখৰ অনুশীলন কৰাৰ সময়ত কেতিয়াও ততাতৈয়া কৰিব নালাগে।
দশমতে, ছাত্ৰজনে ধৈৰ্য ধৰি একেলেথাৰিয়ে বহুত দিন হাতৰ আখৰ অভ্যাস কৰিব লাগে।
আদৰ্শ অসমীয়া হস্তলিপি- ১ নামৰ অভ্যাস পুথিখন প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছে। প্ৰথম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যসূচী অনুসৰি এই অভ্যাস পুথিখনত কেৱল অসমীয়া বৰ্ণমালা আৰু স্বৰবৰ্ণৰ চিনবোৰ লিখাৰ আখৰা দিয়া হৈছে। হাতৰ আখৰ শিকাওঁতে শিক্ষক / শিক্ষয়িত্ৰীয়ে এটা বৰ্ণ কেইবাবাৰো ডাঙৰ ডাঙৰকৈ ব্ল্যাকবোর্ডত লিখি বৰ্ণ এটা লিখোতে ক’ৰ পৰা আৰম্ভ কৰিব লাগে, কোনটো পাক বা চুক আগতে লিখিব লাগে আদি দিশ স্পষ্টকৈ বুজাই দিব লাগে। পিছত ছাত্ৰ-ছাত্ৰীক এটা বৰ্ণ কেইবাবাৰো, প্ৰয়োজন হ’লে এটা বৰ্ণই কেইবাদিনো অনুশীলন কৰিবলৈ দিব লাগে। ভাল হাতৰ আখৰৰ তাৎপৰ্যৰ বিষয়ে প্ৰেৰণাদায়ক আলোচনাৰে ছাত্ৰ-ছাত্ৰীক ভাল হাতৰ আখৰৰ অধিকাৰী হ’বলৈ  উৎসাহিত কৰিব লাগে।
.
শেষত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদসকলৰ পৰা গঠনমূলক সমালোচনা আৰু দিহাপৰামৰ্শ  প্ৰত্যাশা কৰিলোঁ।
কমলপুৰ, বৰেপটা প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং
আদৰ্শ অসমীয়া হস্তলিপি -১
মূল্য: ……….

Download the Complete Book

আদৰ্শ অসমীয়া হস্তলিপি -১ PDF

..

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. Readers’ English-I
  2. অসমীয়া সাহিত্য সোপান
  3. ধাৰাপাত । Dharapat
  4. সাধাৰণ জ্ঞান
  5. আদৰ্শ ছবি অঁকা
  6. মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১
  7. উজু গণিত-১
  8. আদৰ্শ অসমীয়া হস্তলিপি-১

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া ধাৰাপা

Previous articleউজু গণিত-১ । Uju Ganit-I
Next articleআমাৰ পৰিৱেশ-১ । Amar Paribesh-I