আহাঁ ওমলোঁ আমি | Anha Omolu Ami | Assamese Rhymes

0

আহাঁ ওমলোঁ আমি | Anha Omolu Ami | Assamese Rhymes.  শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিশুহঁতক পঢ়াই শুনাব, অংকুৰ, নিম্ন কিণ্ডাৰগাৰ্ডেন আৰু সমপৰ্যায়ৰ শ্রেণীৰ বাবে.

আহাঁ ওমলোঁ আমি

আহাঁ ওমলোঁ আমি

 

আহাঁ ওমলোঁ আমি

(শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিশুহঁতক পঢ়াই শুনাব)
অংকুৰ, নিম্ন কিণ্ডাৰগাৰ্ডেন আৰু সমপৰ্যায়ৰ শ্রেণীৰ বাবে

 

সম্পাদনা
গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি

 

AAHA OMOLO AAMI- A Text Book of Assamese Rhymes For Class Ankuran/ L.K.G. or Equivalent composed by Rabbi Masrur, edited by Growhills Publishing Editorial Board and Published by Growhills Publishing.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system, or transmitted in any form or by any means: electronic, mechanical, photocopying recording, or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such a thing that has occurred unintentionally or unknowingly in any form towards anyone in case it is brought to our notice.

New Publication

আহাঁ ওমলোঁ আমি

Price : …………… /-
(Please buy the book at printed price only)

Published by
Growhills Publishing
Kamalpur, Barpeta (Assam)

 

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্রোহিলচ্‌ পাবলিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্রোহিলচ্‌ পাব্লিশিংপাঠ্যপুথি গৱেষক সমিতি’, ‘গ্রোহিলচ্‌ পি[পাব্লিশিং লিখক সমিতি’ আৰু ‘গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ,গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসাপেক্ষে তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বনানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন ৰ পৃষ্ঠপোষকতা, সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।
প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

আগকথা
শিশু এজনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে যি ভাষা আয়ত্ব কৰে, তাকে  ‘মাতৃভাষা’ বুলি কোৱা হয়। মাতৃভাষা শিকাটো শিশুৰ জন্মগত অধিকাৰ। শিশু এজনে মাতৃভাষা যিমান সহজে আয়ত্ব কৰিব পাৰে পৃথিৱীৰ আন কোনো ভাষা সিমান সোনকালে আৰু সহজভাৱে শিকিব নোৱাৰে। শিশুৰ মানসিক  আৰু বৌদ্ধিক বিকাশত মাতৃভাষাৰ কোনো তুলনা নাই। শিক্ষাবিদ আৰু দাৰ্শনিকসকলেও শিক্ষা আহৰণৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব যে অপৰিসীম সেয়া কাহানিবাই স্বীকাৰ কৰিছে। মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰি অসমীয়া  কবি নৱকান্ত বৰুৱাদেৱে লিখিছে ঃ
“হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া
তথাপি আপোনমোৰ ভাষা,
তাৰেই প্ৰকাশ কৰো অন্তৰৰ ভাৱ কুমলীয়া
সুখ, দুখ, স্নেহ, শান্তি, আশা।”
কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজিকালি বহুতো পিতৃ-মাতৃ বা অভিভাৱক-অভিভাৱিকাই নিজৰ ল’ৰা-ছোৱালীক মাতৃভাষাৰ পৰিৱৰ্তে অইন ভাষাত, বিশেষকৈ ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাবলৈ আগ্ৰহী হোৱা দেখা গৈছে। এয়া যে শুভ লক্ষণ নহয় সেয়া চিন্তাবিদসকলে নিশ্চয় স্বীকাৰ কৰিব। কাৰণ গৱেষণাৰ  পৰা জনা গৈছে যে মাতৃভাষা ভালকৈ আয়ত্ব নকৰা কোনো ব্যক্তিয়েই বেলেগ ভাষা এটি নিখঁুতকৈ শিকিব নোৱাৰে।  দেখা গৈছে যে কিছু সংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানে দুই চাৰিটা ইংৰাজী বাক্য মুখস্থ কৰি ভাটৌৰ দৰে আওৰাব পাৰিলে গৌৰৱত ওফন্দি উঠে। কিন্তু দুই-চাৰিটা বাক্য মাতিব পাৰিলেই ভাষা এটা শিকা হ’ল বুলি ভাবিব নালাগে।
আনহাতে কিছুমান বেচৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহতো ল’ৰা-ছোৱালীক মাতৃভাষাৰ বৰ্ণমালা শিকোৱাৰ আগতেই ইংৰাজী বৰ্ণমালা শিকোৱাৰ প্ৰৱণতাই গা কৰি উঠিছে। এয়া নিশ্চয় অশুভ লক্ষণ।
গৱেষকসকলৰ পৰামৰ্শক্ৰমে আমি মাতৃভাষাৰ মাধ্যমত শিক্ষা জীৱন আৰম্ভ কৰাৰ পক্ষপাতী। সেয়ে নিম্ন প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰাই যাতে শিশুহঁত মাতৃভাষাৰ লগত পৰিচয়  হ’ব পাৰে সেই  উদ্দেশ্যে “আহাঁ ওমলোঁ আমি” কিতাপখন যুগুতোৱা হৈছে। কিতাপখনৰ প্ৰথমতে শিশুৰ মনস্তত্বৰ লগত সংগতি ৰাখি কিছুমান পদ্য, দ্বিতীয়তে অসমীয়া স্বৰবৰ্ণ আৰু শেষত ১ ৰ পৰা ১০ লৈ সংখ্যাবোৰ দিয়া হৈছে। পদ্যবোৰ ঘৰত ডাঙৰে আৰু বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীয়ে অংগীভংগী কৰি স্পষ্টকৈ শিশুহঁতক পঢ়ি  শুনাব। এইবোৰ শিশুহঁতে মুখস্থ কৰাৰ ওপৰত জোৰ নিদিব। প্ৰতিটো পদ্য গাই শুনোৱাৰ আগতে বা পিছতে পদ্যটোৰ বিষয়বস্তুৰ ওপৰত এটা আমোদজনক পাতনি মেলিব। পদ্যত শিশুৰ বাবে অপৰিচিত শব্দ ওলালে অৰ্থটো বুজাই ক’ব।
এই কিতাপখনত থকা সৰহভাগ পদ্য আমাৰ গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতিৰ এজন অন্যতম সদস্য মাননীয় ৰাবিব মছৰুৰে ৰচনা কৰি দিছে। এই পদ্যবোৰৰ কিছুমানত অগ্ৰজ কবিসকলৰ প্ৰভাৱ পৰিব পাৰে। লগতে শিশুমনৰ উপযোগী অন্যান্য কিছুমান প্ৰচলিত পদ্যৰ উপৰিও কেইজনমান কবিৰ পদ্য কিছুমানো কিতাপখনৰ শেষৰ পিনে সংযোজন কৰা হৈছে। এই চেগতে কবিক ধন্যবাদ দিয়াৰ লগতে অগ্ৰজ কবিসকলকো আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
শেষত মূল্যবান শস্য পথাৰত অপ্ৰয়োজনীয় ঘাঁহ-বন থকাৰ দৰে আমাৰ এই আঁচনিতো কিবা আসোঁৱাহ থাকি যাব পাৰে। সদাশয় শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা তথা শিক্ষাবিদসকলে আসোঁৱাহসমূহ  উনুকিয়াই দি পৰৱৰ্তী সংস্কৰণসমূহ সৰ্বাঙ্গ-সুন্দৰ কৰাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়ালে আমি চিৰ কৃতজ্ঞ হৈ থাকিম।
প্ৰকাশক
গ্রো হিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)

 

Download the Complete Book

আহাঁ ওমলোঁ আমি PDF

..

You May Like:

  1. Important Battles in Indian History
  2. Some Milestones of Indian Film Industry

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes

.

Previous articleNursery Rhymes | LGK | Kindergarden