এটি ফুল (কথিকা) । অমূল্য বৰুৱা

0

এটি ফুল (কথিকা) । অমূল্য বৰুৱা

এটি ফুল (কথিকা) । অমূল্য বৰুৱা

এটি ফুল (কথিকা)

–অমূল্য বৰুৱা

বসন্তৰ শুভাগমন । শীতৰ চেঁচাত পেপুৱা লাগি লঠঙা হৈ থকা গছ-গছনিবিলাক সজীৱ হৈ উঠিল— সিহঁতৰ গাৰ ৰং বদলি হৈ গ’ল বা-ৰিবমলয়াৰ পৰশ পাই । প্ৰকৃতিত এক নতুন উচ্ছাস জাগি উঠিল । বিৰহী প্ৰকৃতিৰ অন্তৰৰ অনুভূতিবিলাক সজীৱ হৈ উঠিল বসন্তৰ স্নিগ্ধ পৰশত।

বসন্তৰ আগমনিলৈ অপেক্ষা কৰি নিৰাশাৰ হুমুনিয়া পেলাই শুকাই যোৱা গোলাপজোপাত এটি হাঁহিৰ ৰেখা বিৰিঙি উঠিল – বসন্তৰ আগমনিত চাৰিওদিশে ৰূপৰাশি বিস্তাৰ কৰিবলৈ এয়েই সুযোগ তাৰ।বসন্তৰ প্ৰতি কৃতজ্ঞতাত তাৰ মূৰ দোঁ খাই গল। 

গোলাপজোপা শুৱনী কৰি ফুটি উঠিল এটি কলি — সময়ত তাৰ নিজ প্ৰতিভাৰে পূৰ্ণতা আৰ্জন কৰি অমিয়ৰাশিলৈ পৰিণতি লভিলে পূৰ্ণসৌষ্ঠবৰ এটি ফুলত। এটি মাত্ৰ ফুল – দেখাত সামান্য হলেও সি প্ৰকৃতিৰেই সৃষ্টি ।

ফুল আৰু মানুহ । এটিয়ে মনৰ ভাবৰাশি ফুটাই ক’ব পাৰে আৰু আনটিৰ ভাবৰাশি অব্যক্ত – তাক প্ৰকাশ কৰে নিজ ভাষাত । দুয়োটি দুয়োটিৰে আপোন। সজীৱ আৰু নিৰ্জীৱ বাস্তৱৰ মাজত ইমান গাঢ় সম্বন্ধ – মানুহৰ কিমান আদৰৰ বস্তু ফুল । ফুলনিৰ মাজত ফুলি উঠে ফুলটি – তাৰ ৰূপ-ৰাজিৰ গৌৰৱত মত্ত হৈ। কিমান যত্নেৰে সি তাৰ ৰূপৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে -ভাবি কেতিয়াবা তাৰ কৃতকাৰ্য্যতাৰ বাবে পুলকত মন-প্ৰাণ নাচি উঠে। মানুহৰ কত বাধা-বিঘিনী তাৰ কৰ্ত্তব্যপথত। ফুলৰো একে কথাই । তাৰো পূৰ্ণপ্ৰকাশৰ পথ কণ্টকময় । সেয়েহে কলিটিয়ে গৌৰৱত মত্ত হৈ যেতিয়া জীৱন পথৰ দকা চাকনৈয়া অতিক্ৰম কৰি এপৰিয়া হৈ পৰিণতি লাভ কৰে এটি ফুলত। প্ৰকৃতিৰ দান এটি ফুল কিমান স্নিগ্ধ তাৰ পৰশ — কিমান পবিত্ৰ । সুন্দৰৰ দান । পূৰ্ণপয়োভৰেৰে তাৰ সৌৰভ বিলাক প্ৰকৃতিৰ কোলাৰ মানুহ-দুনুহক কিমান আদৰ কৰে । তথাপিও মানুহ স্বাৰ্থপৰ-মানুহে তাক আদৰ কৰে সুগন্ধৰ বিনিময়ত । কিমান স্বাৰ্থপৰ মানুহবিলাক । কিন্তু ফুলৰোতো এটি হেঁপাহ আছে তাৰো ৰূপ ৰাশিৰ আদৰ কৰিবলৈ কাৰোবাক বিচাৰে — তেনেহ’লেনো মানুহৰ কি ভুল – কিয়বা স্বাৰ্থপৰ হব ।

কিমান কোমল ফুল – আৰু তাৰ হৃদয়খনি আৰু কোমল। ফুলনি মাজত ফুলি থাকে ৰূপকুঁৱৰীৰ প্ৰতিমূৰ্ত্তি প্ৰতীক । কোনোবাজনক তাৰ স্নেহ প্ৰীতি জনাবলৈ । তাৰ ক্ষণস্থায়ী সৌৰভৰ মাধুৰিমা বিলাবলৈ পূৰ্ণতাৰ আদৰ কৰিবলৈ লাগে বন্ধু – সেয়েহে সি বিচাৰে কোনোবা পূজাৰীক। তাৰ অব্যক্ত বেদনাৰ ভাষা বুজিব পৰা, তাৰ সুখ দুখৰ ভাগ লবলৈ লাগে তেনে এজন বন্ধু— যাৰ সহায়ত সি বিচাৰে সুদূৰ নীলিমাৰ আঁৰত লুকাই থকা চিৰসত্য চিৰসুন্দৰৰ কোমল হৃদয়খনি পৰশ কৰিবলৈ। ফুলপাহি ব্যাকুল পূজাৰী বিচাৰি । তাৰ বেদনাৰ অৰ্ঘ্য জনাবলৈ – তাৰ কামনা-বাসনাৰ তৰ্পণৰ আঁজলি যাচিবলৈ । পূজাৰীৰ সহযোগত চিৰ সুন্দৰৰ পূজা । চিৰসুন্দৰৰ লগত তাৰ মিলন – তাতেই তৃপ্তি – তাতেই তাৰ পৰিণতি । ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘এটি ফুল (কথিকা) | Eti Ful (Kathika)’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleবিপ্লৱ
Next articleচেনেহৰ পুতু

LEAVE A REPLY

Please enter your comment!
Please enter your name here