তেজ ৰাঙলী শোণিত | বিষ্ণু ৰাভা

0

তেজ ৰাঙলী শোণিত | বিষ্ণু ৰাভা

তেজ ৰাঙলী শোণিত বিষ্ণু ৰাভা

তেজ ৰাঙলী শোণিত

–বিষ্ণু ৰাভা

তেজ ৰাঙলী শোণিত কুঁৱৰী
গঢ়িলো তেজৰে
হৃদয় ফালি শোণিত ঢালি
ৰঙা টোপালেৰে।
কুমলীয়া দেহাৰ ভেটিত
তুলি গড় অগনিৰ
প্ৰণয় চাকিৰ প্ৰেম শলিতাৰ
জ্বালি দীপ দীপালীৰ।
বান্ধি কাৰেঙ সজালো মোৰ
ৰঙা পোৱালেৰে।
পুৱৰ তোৰণ ভাঙি আনিম
ৰূপহী সোণালী উষা
সজাম পৰাম আলোকেৰে
জ্বালিম প্ৰণয় শিখা
চুকত বহি বজাব বীণ
দেৱী পত্ৰলেখী
কাচোন কাচি নাচোন নাচি
নাচিব চিত্ৰলেখী
হৃদয় বেদীত ধুৱাম প্ৰিয়াক
লোহিত জলেৰে।  0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘তেজ ৰাঙলী শোণিত কুঁৱৰী | Tej Rangoli Shonit Kunwari‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleদুৱাৰ বন্ধ ৰল মোৰ | বিষ্ণু ৰাভা
Next articleOur School | Our School Essay

LEAVE A REPLY

Please enter your comment!
Please enter your name here