আদৰ্শ ছবি অঁকা-প্ৰথম ভাগ

0

আদৰ্শ ছবি অঁকা-প্ৰথম ভাগ

Adharsh Sabi Anka

আদৰ্শ ছবি অঁকা-প্ৰথম ভাগ

আদৰ্শ ছবি অঁকা-প্ৰথম ভাগ

প্ৰস্তুতকৰ্তা
গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি

 

গ্রোহিলচ্‌ পাব্লিশিং

ADARSHA SABI aNKA-I: A Drawing Book for Class -I Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.

All Rights Reserved with the Publisher

Dispute of any kind is subject to Barpeta Jurisdiction only.

Internet Edition

Rs: …………./- only

 

আগকথা
(১)
চিত্ৰাঙ্কন হৈছে এবিধ কলা। আকৌ কলা হৈছে মানুহে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ ব্যৱহাৰ কৰি সৃষ্টি কৰা যিকোনো সৃষ্টিশীল কাম। যেনে ঃ গীত গোৱা, কবিতা ৰচনা কৰা, নৃত্য কৰা, অভিনয় কৰা, কাঠৰ আচবাব তৈয়াৰ কৰা, ঘৰ বনোৱা, অট্টালিকা তৈয়াৰ কৰা, চিলাইৰ কাম কৰা, সূতা কটা, মাটিৰ পাত্ৰ তৈয়াৰ কৰা ইত্যাদি। প্ৰাচীন ভাৰতীয় মনীষী¸সকলে কলাক বাষষ্টিটা ভাগত ভাগ কৰিছিল। সেই বাষষ্টি কলাৰ ভিতৰত ছবি অঁকা (চিত্ৰাঙ্কন) হৈছে এক অন্যতম ললিত কলা ।
.
অতীজৰে পৰাই ভাৰতবৰ্ষত চিত্ৰাঙ্কন এক বিশেষ মৰ্যদাসম্পন্ন কলা হিচাপে চৰ্চিত হৈ আহিছে। ভাৰতৰ প্ৰাচীন যুগ বিশেষকৈ গুপ্ত যুগত অংকন কৰা অজন্তা আৰু ইলোৰাৰ গুহা চিত্রবোৰ বিশ্ববিখ্যাত। মধ্য যুগত বিশেষকৈ মোগল যুগত এই বিদ্যাই এক নতুন মাত্ৰা লাভ কৰে। মোগল যুগত ৰচিত হোৱা জীৱনীমূলক আৰু বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ আবেদন বৃদ্ধি কৰিবলৈ গ্রন্থবোৰৰ পৃষ্ঠাৰ মাজে মাজে  প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীসকলৰ দ্বাৰা ছবি অংকন কৰা হৈছিল। বৰ্তমান কম্পিউটাৰৰ যুগতো চিত্ৰ কলাৰ আবেদন অকনো হ্রাস পোৱা নাই। উদাহৰণস্বরুপ  সাম্প্ৰতিক সময়ৰ ভাৰতীয় চিত্ৰশিল্পী  মায়া বৰ্মন, মানৱ গুপ্ত, মনজিত বাৱা, মহম্মদ ইডছুফ খাকৰী, ফিদা হুছেইন, অসমৰ অতনু বৰুৱা আদিৰ নাম উল্লেখ কৰিব পাৰি। ইয়াতে বিশেষ উল্লেখ কৰিবলগীয়া যে ভাৰতৰ ফিদা হুছেইনে প্ৰতি মিনিটত একোটাকৈ ছবি অংকন কৰিবপাৰিছিল। এই জন শিল্পীৰ প্ৰতিখন ছবিৰ দাম আছিল ভাৰতীয় মুদ্ৰাত এক কোটি টকা।
.
জীৱনত চিত্ৰ কলা চৰ্চাৰ অতীৱ গুৰুত্ব আছে। যেনে ঃ
প্ৰথমতে, চিত্ৰাংকন চৰ্চাই কল্পনা শক্তি বৃদ্ধি কৰে।
দ্বিতীয়তে, ই বোধশক্তি বৃদ্ধি আৰু সৃষ্টিশীল মনোবৃত্তি গঠন কৰে।
তৃতীয়তে, ই মনোযোগ দৃঢ়  কৰে।
চতুৰ্থতে, ই সৌন্দর্যবোধ বৃদ্ধি কৰে।
পঞ্চমতে, ই মানসিক আনন্দ দান কৰে।
.
চিত্ৰকলা চৰ্চাৰ তাৎপৰ্য অনুধাৱন কৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰাই চিত্ৰাংকন বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে।
.
সাধাৰণতে চিত্ৰাঙ্কন বিদ্যাত বুৎপত্তি থকা শিক্ষক-শিক্ষয়িত্ৰীকহে এই বিষয়টো শিকোৱাৰ দায়িত্ব দিব লাগে। শিক্ষকে ব্ল্যাকবোর্ডত ছবি অংকন কৰাৰ লগতে ছবি অকাঁৰ কৌশলৰ বিষয়েও আলোচনা কৰিব লাগে। বিশেষকৈ তলত উল্লেখ কৰা দিশবোৰ শিক্ষকে আলোচনা কৰা উচিত। যেনেঃ
.
প্ৰথমতে, ছবি এটা অংকন কৰোঁতে এটি আৰ্হি অনুসৰণ কৰিব লাগে।
দ্বিতীয়তে, আৰ্হি ছবিটো খুব মনোযোগেৰে চাব লাগে।
তৃতীয়তে,, ছবিটো কোনো ৰেখা চিত্ৰৰ ভিতৰত সুমুৱাই লৈ ছবিৰ কোনটো অংশ ৰেখাচিত্ৰটোৰ কোনফালে বা কোন অংশত পৰিছে বা কোন অংশ চুই গৈছে সেইবোৰ মনত ৰাখিব লাগে।
চতুৰ্থতে, ছবি কেইবাটাও স্পষ্ট ভাগত ভাগ কৰি অংশ অংশকৈ অংকন কৰিব লাগে।
পঞ্চমতে, ছবি আঁকোতে প্ৰথমতে ৰেখাচিত্ৰ পাতলকৈ আঁকি ল’ব লাগে। এই ক্ষেত্ৰত চিঁয়াহী নোহোৱা কলম বা চিয়াহী নোহোৱা বল পেন ব্যৱহাৰ কৰিব পাৰে। সঘনে ৰবৰ ব্যৱহাৰ কৰিব নালাগে। পাতলকৈ অংকন কৰি পিছত ভুল হোৱা অংশবোৰ এবাৰতেই মচি  পেলাব লাগে।
পঞ্চমতে, কোনো এটা ছবি এবাৰ বা দুবাৰ নহয় বাৰে বাৰে মনোযোগেৰে অনুশীলন কৰিব লাগে।
ইয়াতে বিশেষ মন কৰিবলগীয়া যে এবছৰীয়া পাঠ্যক্ৰমত সাত/আঠটাতকৈ অধিক ছবি কেতিয়াও শিকাব নালাগে। ছবি এটা শিকোতে বা অনুশীলন কৰোঁতে এনেভাৱে কৰিব লাগে যাতে সেই ছবিটো আকৌ পিছৰ বছৰত শিকিব নালাগে। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক এটা ছবি বাৰে বাৰে অনুশীলন কৰিবলৈ দিব লাগে।
.
ছবি অংকন কৰাৰ বাবে তলত দিয়া সা-সামগ্ৰীৰ প্ৰয়োজন। যেনে ঃ
প্ৰথমতে, এটি আৰ্হি বুক।
দ্বিতীয়তে, ভাল কাঠ পেঞ্চিল। সাধাৰণতে HB কাঠেপঞ্চিল বহুল ব্যৱহাৰ হয় যদিও ছাত্ৰ-ছাত্ৰীসকলে অভ্যাসৰ বাবে B বা 2B  পেঞ্চিল ব্যৱহাৰ কৰি ছবিটো পাতলকৈ আঁকি পিছত 4B পেঞ্চিল ব্যৱহাৰ কৰিব ডাঠ কৰি দিব লাগে। কাঠ পেঞ্চিল চোকা হোৱা প্ৰয়োজন।
তৃতীয়তে, এটি ভাল ৰবৰ।
চতুৰ্থতে, সাধাৰণ কাগজতকৈ অলপ বেছি ডাঠ  কাগজ।
পঞ্চমতে, এটি কাঁচৰ স্কেল।
.
ইয়াৰ উপৰিও শিকাৰু এজনে ছবি অকাঁৰ সময়ত তলত দিয়া নিয়মবোৰ মানি চলিব লাগে।
প্ৰথমতে, অনুশীলন বহীটো টেবিলৰ ওপৰত ৰাখি চিয়াৰত বহি বা প্ৰয়োজনত থিয় হৈ ছবি অঁকা অনুশীলন কৰিব লাগে।
দ্বিতীয়তে, টেবিলটো পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে আৰু টেবিলৰ ওপৰত প্ৰয়োজনীয় মুকলি ঠাই থাকিব লাগে। কিতাপ-পত্ৰৰে ঠাহ খাই থকা হ’ব নালাগে।
তৃতীয়তে,  টেবিলৰ উচ্চতা ছাত্ৰজনৰ বুকুলৈ হ’ব লাগে। কেতিয়াও বুকুৰ উচ্চতাতকৈ বেছি উচ্চতাৰ হ’ব নালাগে।
চতুৰ্থতে, পোহৰ সদায় ছাত্ৰজনৰ বাও পিনৰ পৰা পৰিবলৈ দিব লাগে।
পঞ্চমতে, ছাত্ৰজনে যিকোনো সময়ত ছবি অঁকা অনুশীলন কৰিব পাৰে। ছবি যে দিনৰ কোনো এক নিৰ্দ্দিষ্ট সময়ত অনুশীলন  কৰিব লাগিব এনে ধাৰণা কৰিব নালাগে।
ষষ্ঠতে, ছাত্ৰজনে ছবি আকোঁতে কেতিয়াও ততাতৈয়া কৰিব নালাগে।  প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক বৈঠকত এটা ছবিহে অনুশীলন কৰিব লাগে।
সপ্তমতে, এটা ছবি এদিন নহয়, দুদিন নহয়, তিনিদিন নহয়, অতি কমেও এমাহ অনুশীলন কৰিব লাগে।
(২)
আদৰ্শ ছবি অঁকা -প্ৰথম ভাগ কিতাপখন প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুত কৰা হৈছে। সাধাৰণতে গড়  হিচাপত পাঁচ/ ছয় বছৰৰ ল’ৰা-ছোৱালী প্ৰথম শ্ৰেণীত ভৰ্তি হয়। এই সময়ছোৱাত সিহঁতৰ শৰীৰ আৰু মন অতি চালুকীয়া অৱস্থাত থাকে বাবে সিহঁতৰ মনস্তাত্ত্বিক দিশ লক্ষ্য কৰি  কিতাপখনত কিছুমান সৰল ৰেখাচিত্ৰ শিকোৱাৰ আখৰা দিয়া হৈছে। এইেবাৰক আচলতে কোনো চিত্ৰ বা ছবি বুলি ক’ব নোৱাৰি যদিও এই ৰেখাচিত্রবোৰ (আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ, বৃত্ত, ত্ৰিভূজ, পঞ্চভূজ, শংকু, ডিম্বাকৃতি আদি) ছবি অঁকা বিদ্যাৰ ভিত্তিস্বৰূপ বিবেচনা কৰা হয়। কিয়নো এই ৰেখা চিত্রবোৰ পাশ্চাতভূমিত ৰাখি ছবি অঁকা বিদ্যা অনুশীলন কৰিলে সহজে সফলতা লাভ কৰিব পাৰি। ইয়াৰ উপৰিও এই ৰেখাচিত্রবোৰ অনুশীলন কৰিলে চালুকীয়া ল’ৰা-ছোৱালীয়ে হাতত পেঞ্চিল ধৰা, স্কেলৰ ব্যৱহাৰ কৰা, পোনকৈ আচঁ টনা, হাতৰ আঙুলিৰ সুষম সঞ্চালন কৰা আদি প্ৰাথমিক কামবোৰ সহজে শিকিব পাৰে।
.
আশা ৰাখিছোঁ এই অভ্যাসপুথিৰ পৰৱৰ্তী সংস্কৰণসমূহ সৰ্বাঙ্গসুন্দৰ কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকলে তেখেতসকলৰ মূল্যৱান পৰামৰ্শ, সমালোচনা আৰু দিহা পৰামৰ্শ আগবঢ়াই আমাৰ সহযোগী হ’ব।
প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং
আদৰ্শ ছবি অঁকা-প্ৰথম ভাগ

Download the Complete Book

আদৰ্শ ছবি অঁকা

..

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. Readers’ English-I
  2. অসমীয়া সাহিত্য সোপান
  3. ধাৰাপাত । Dharapat
  4. সাধাৰণ জ্ঞান
  5. আদৰ্শ ছবি অঁকা

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া ধাৰাপাত

Previous articleসাধাৰণ জ্ঞান আৰু স্বাস্থ্যপাঠ । Sadharan Gyan
Next articleমৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১