ৰং সানো আমি | Rang Shanu Ami

0

ৰং সানো আমি | Rang Shanu Ami. অংকুৰ, নিম্ন কিণ্ডাৰগাৰ্ডেন আৰু সমপৰ্যায়ৰ শ্রেণীৰ বাবে

ৰং সানো আমি Rang Shanu Ami

ৰং সানো আমি Rang Shanu Ami

 

ৰং সানো আমি

অংকুৰ, নিম্ন কিণ্ডাৰগাৰ্ডেন আৰু সমপৰ্যায়ৰ শ্রেণীৰ বাবে

 

সম্পাদনা
গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি

Rang Shanu Ami: A Drawing Book for Class Ankuran/ L. K. G./ Lower Pre-primary or equivalent Classes Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.

ৰং সানো আমি

All Rights Reserved with the Publisher

ৰং সানো আমি
Internet Edition
Dispute of any kind is subject to Barpeta Jurisdiction only.

Rs: ………/- only

 

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্রোহিলচ্‌ পাবলিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্রোহিলচ্‌ পাব্লিশিংপাঠ্যপুথি গৱেষক সমিতি’, ‘গ্রোহিলচ্‌ পি[পাব্লিশিং লিখক সমিতি’ আৰু ‘গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ,গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসাপেক্ষে তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বনানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন ৰ পৃষ্ঠপোষকতা, সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।
প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

 

ৰং সানো আমি-আগকথা

কোমলমতীয়া ল’ৰা-ছোৱালীৰ মনস্তাত্বিক দিশৰ ওপৰত লক্ষ্য ৰাখি ৰং সানো আমি- নামৰ ছবি অঁকাৰ কিতাপখন প্ৰস্তুত কৰা হৈছে। কিতাপখনত অতি সৰল ৰেখাচিত্ৰ কিছুমান দিয়া হৈছে। ল’ৰা-ছোৱালিবোৰে নিজৰ ইচ্ছামতে বা শিক্ষকে দিহা দিয়া মতে ছবিবোৰ ৰঙেৰে বোলাব। এই কিতাপখন যুগুত কৰাৰ প্ৰধান উদ্দেশ্য হৈছে কোমলমতীয়া ল’ৰা-ছোৱালীক বিভিন্ন ৰঙৰ সৈতে পৰিচয় কৰি দিয়া, হাতত পেঞ্চিল বা কলম ধৰাৰ আখৰা দিয়া, নানা ৰেখাচিত্ৰৰ লগত পৰিচয় কৰোঁৱা আৰু আনন্দ দান কৰা। শিক্ষক-শিক্ষয়িত্ৰীয়ে ল’ৰা-ছোৱালীক এই ক্ষেত্ৰত জোৰ নিদি সিহঁতৰ ইচ্ছামতে ৰঙ  সানিবলৈ দিয়া উচিত।

ৰং সানো আমি

Download the Complete Book

ৰং সানো আমি PDF

..

You May Like:

  1. Important Battles in Indian History
  2. Some Milestones of Indian Film Industry

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
Previous articleআহাঁ ওমলোঁ আমি | Anha Omolu Ami | Assamese Rhymes
Next articlePre-writing Practice Book