HSLC Exam Que Paper Assamese 2016

0

HSLC Exam Que Paper Assamese 2016

HSLC Exam Que Paper Assamese 2016

HSLC Exam Que Paper Assamese 2016

HSLC Exam Que Paper Assamese 2016

Subject: Assamese (MIL)

 Full Marks: 100         Time: 3 Hours

HSLC Exam Que Paper Assamese 2016

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ একেখন বহীত কৰিব লাগিব। 

Group-A (ক- বিভাগ)

মূল্যাংক: 75

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা।  ১×২=২

(ক) মুনিকন্যা শকুন্তলাৰ লগৰী দুগৰাকীৰ নাম কি কি?

(খ) মানুহৰ বিয়াৰ দিনটোক কি বুলি ভবা হয়?

(গ) ‘‘Growth of the Asamiya Language’’ গ্ৰন্থৰ ৰচক কোন?

২। অতি চমুকৈ উত্তৰ লিখা: ১×২=২

(ক)  (i) ‘ফ্রম ভল্‌গা টু গংগা’ কাৰ ৰচনা?

 (ii) ভূকেন্দ্ৰিক বিশ্বধাৰণাৰ প্ৰধান প্ৰবক্তা কোন?

নাইবা

(খ) (i) বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি?

(ii) ইৰাণৰ ৰাজধানীৰ নাম কি?

৩। অতি চমুকৈ উত্তৰ লিখা: ২×২=৪

 (ক) আশ্ৰমত শকুন্তলাই কি কি দেখিছিল?

(খ) ছাৰক খোৱাবলৈ পবিনৰ দেউতাকে মনে মনে কি কি ব্যৱস্থা কৰিছিল?

(গ) ছাত্ৰসকলে কাৰ্য্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?

৪।  চমু উত্তৰ লিখা: ২

(ক) লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে?

নাইবা

(খ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

৫।  চমু উত্তৰ লিখা: (যিকোনো দুটা) ২×৩=৬

(ক) নিউটনীয় বিজ্ঞান  চৰ্চাৰ প্ৰভাৱ দৰ্শন, ৰাষ্ট্ৰনীতি, অৰ্থনীতি আৰু বিজ্ঞানৰ অন্যান্য শাখাত কেনেদৰে পৰিছে  লিখা।

(খ) নিউটনৰ ‘প্ৰিন্‌চিপিয়া’ গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা।

(গ) ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া।

(ঘ) শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া।

৬।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা: ৪

(ক) ‘কালিদাসৰ প্ৰতিভাই  আমাক আৰু এটি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে।’  কালিদাসৰ  প্ৰতিভাই আমাক কি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে বৰ্ণনা কৰা।

(খ) ‘গাঁও একাধাৰে নগৰৰ জনক-জননী- লিখকে গাঁওক কিয় নগৰৰ জনক-জননী বুলি কৈছে, বুজাই লিখা।

৭।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ  লিখা: ৫

(ক) ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ – কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।

(খ) ‘বৃটিছ আহিল – চাহ উদ্যোগ প্ৰতিষ্ঠা হ’ল’ – লিখকে চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে বুজাই লিখা।

৮। অতি চমুকৈ উত্তৰ লিখা :  (যিকোনো এটা) ১

(ক) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

(খ) ‘মোমিন’ৰ অৰ্থ কি?

৯।  অতি চমুকৈ লিখা: (যিকোনো দুটা) ১×২=২

(ক) দেৱকান্ত বৰুৱাই কোনগৰাকী ইংৰাজ কবিৰ দৰে নাটকীয় ভংগীত কবিতা লিখিছিল?

(খ) ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল?

(গ) পলাশী যুদ্ধ কিমান চনত হৈছিল?

১০।  তলৰ যিকোনো এটাৰ বিষয়ে চমু টোকা লিখা: ২

(ক) আজান ফকিৰ।

(খ) ব্রজাৱলী ভাষা।

১১। চমুকৈ উত্তৰ লিখা: ২×৩=৬

(ক) (i) বৰগীতৰ তিনিটা  লক্ষণ  উল্লেখ কৰা।

নাইবা

(ii) বহাগীৰ বিয়া উপলক্ষে প্ৰকৃতিৰ কি কি পৰিবৰ্তন হৈছে লিখা।

(খ) (i) “বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ” – কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে লিখা।

 নাইবা

(ii) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ  কথাৰে লিখা।

১২। প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা: ৪

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

 (খ) “স্বৰগ মৰত  সকলো ঠাইতে

উঠিছে আনন্দৰ ৰোল,

সাজোন কাচোন  ৰং ৰূপহত

গোটেই জগত ভোল।”

১৩।  তলৰ যিকোনো এটা  কবিতাৰ সাৰাংশ লিখা: ৫

(ক) মোৰ দেশ মানুহৰ দেশ।

 (ক) দৃশ্যান্তৰ।

১৪। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা: ২×৫=১০

 (ক) তলত দিয়া যিকোনো দুটাৰ ব্যাস-বাক্যসহ সমাসৰ নাম লিখা।

ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ।

(খ)  তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা।

 বিদ্যালয়, চন্দ্ৰোদয়, যদ্যপি, নমস্কাৰ

(গ)  তলৰ মিশ্ৰ বাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা।

‘যি সকলে ব্যাকৰণ মনপুতি  পঢ়ে , তেওঁলোকে ভাষাটো ভালকৈ জানে।’

(ঘ) তলৰ যিকোনো দুটাৰ এটাকৈ সমাৰ্থক শব্দ লিখা।

আচমান, বিটপী, হাত, বতাহ

(ঙ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰাঁ

ৰমকজমক,  উলহ-মালহ,  ডলাৰ বগৰী,  তলা-নলা।

 (চ) তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা।

শয়ন, খীৰতি, বাপতীয়া, দয়ালু

(ছ)  যথাস্থানত যতি চিহ্ন বহুওৱা।

দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিয়ঁহ কিনি আনে।

(জ) এটা শব্দত প্ৰকাশ কৰা: (যিকোনো দুটা)

(i) যি কণীৰ পৰা জন্মে।

(ii) যি আগেয়ে হোৱা নাই।

(iii) একে গুৰুৰ শিষ্য।

(iv) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।

(ঝ) তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা।

প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ

১৫।  ভাৱ সম্প্ৰসাৰণ কৰা: ৪

(ক)  পঢ়াই, পঢ়ে , ৰোৱে পান।

এই তিনিয়ে নিচিন্তে আন।।

 নাইবা

(খ) তুমি পঢ়া অহা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ ৪ৰ্থ  পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা)

নাইবা

(গ) তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই এখন স্থানীয় বাতৰি কাকতৰ বাবে এখন  প্রতিবেদন প্ৰস্তুত কৰা।

১৬।  তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা: ৮

 (ক) তোমাৰ প্ৰিয় গ্ৰন্থখন

(আৰম্ভণি – গ্ৰন্থখনৰ পৰিচয় – প্ৰিয় হোৱাৰ কাৰণ – সামৰণি)

 (খ) অসমৰ প্ৰাকৃতিক সম্পদ

(আৰম্ভণি – প্ৰাকৃতিক  সম্পদৰ বিভিন্ন  প্ৰকাৰ – সম্পদবোৰৰ  ব্যৱহাৰ – সামৰণি)

 (গ) শিক্ষা আৰু মূল্যবোধ

(আৰম্ভণি – প্ৰাচীন শিক্ষা আৰু মূল্যবোধ – বৰ্তমান শিক্ষা আৰু মূল্যবোধ – সামৰণি)

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ  উত্তৰ লিখা: ২×২=৪

(ক) ‘মা সৌৰভ মানে কি?’ মাকে সৌৰভ সম্পৰ্কে প্ৰেৰণাক কেনেদৰে বুজাইছিল?

(খ) গানৰ ছাৰে প্ৰেৰণাক কি দৰে আশীৰ্বাদ কৰিছিল?

(গ) চতুৰ্থ  পিৰিয়ড চলি থাকোঁতে স্কুলৰ বৰবাইদেৱে প্ৰেৰণাক কমনৰুমলৈ মাতি নি কি কৈছিল?

১৮। চমু টোকা লিখা: (যিকোনো দুটা)  ২×২=৪

(ক) জীনা বৰুৱা।

(খ) সৌৰভ।

(গ) জিলমিল।

HSLC Exam Que Paper Assamese 2016

Group- B (খ- বিভাগ)

মূল্যাংক: ২৫

HSLC Exam Que Paper Assamese 2016

১৯। অতি চমুকৈ উত্তৰ লিখা: (যিকোনো দুটা) ১×২=২

(ক) ‘স্বৰ্গদেৱ প্ৰতাপসিংহ’ পাঠটো কোনখন বুৰঞ্জীৰ পৰা লোৱা হৈছে?

(খ) ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?

(গ) কাৰ সৈতে লগা ৰণত সোন্দৰ গোহাঁইৰ মৃত্যু হৈছিল?

২০। চমু উত্তৰ  লিখা: (যিকোনো তিনিটা) ২×৩=৬

(ক) বুৰঞ্জী অধ্যয়নে ছাত্ৰ-ছাত্ৰীৰ অন্তৰত কি কি ভাৱ জগাই তুলিব পাৰে?

(খ) ‘মোমাই তামুলীৰ প্ৰজা সংগঠন’ৰ কথাখিনি তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।

(গ) ‘- এই ছয় দোষত আততায়ী’ – কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল?

(ঘ) অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

২১। অতি চমু উত্তৰ লিখা: (যিকোনো দুটা) ১×২=২

(ক) অংকীয়া নাটকত মুক্তিমঙল ভটিমা কোনে পাঠ কৰে?

(খ) কপিল মুনিৰ মাতৃ কোন আছিল?

(গ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছালন কৰিছিল?

২২। চমু উত্তৰ লিখা: (যিকোনো দুটা) ৩×২=৬

(ক) “সোহি জগত গুৰু তেৰি সততে কৰু

মুকুতি মঙ্গল বিধান।”

– ইয়াত উল্লিখিত জগত গুৰুজনাৰ গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা হৈছে লিখা।

(খ) “আন কাল যদি দোষ দেখা মোৰ

পাৰিবাহা মোক গালি।”

– কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা।

(গ) মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে  লিখা।

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: (যিকোনো দুটা)  ১×২=২

পাতক, যাকেৰি, বিগুটীয়া

২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখা: ১

মই তোমাক ৰখি থাকিম।

২৫। উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া। ১

২৬। সমাৰ্থক শব্দ লিখা: ১

জুই, নিপুণ

২৭। তলৰ যিকোনো দুটাৰ টোকা লিখা:  ২×২=৪

(ক) পয়াৰ

(খ) পৰ্ব

(গ) ঝুমুৰা

(ঘ) যতি

(ঙ ) ছবি। ০ ০ ০

HSLC Exam Que Paper Assamese 2016

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • শিশু পদ্য
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Additional Searches:

  1. HSLC Que Paper 2018 Assamese
  2. Seba Que Paper
  3. Seba HSLC Que Paper
  4. Assam HSLC Que Paper
  5. Seba Previous Question Papers
  6. Seba Que Papers 2021 …
Previous articleHSLC Exam Que Paper Assamese 2017
Next articleHSLC Exam Ques Paper Assamese 2015

LEAVE A REPLY

Please enter your comment!
Please enter your name here