HSLC Exam Que Paper Assamese 2017

0

HSLC Exam Que Paper Assamese 2017

HSLC Exam Que Paper Assamese 2017

HSLC Exam Que Paper Assamese 2017

 

HSLC Exam Que Paper Assamese 2017

 Full Marks: 100     Time: 3 Hours

HSLC Exam Que Paper Assamese 2017

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ একেখন বহীত কৰিব লাগিব। 

Group-A (ক- বিভাগ)

মূল্যাংক: ৭৫

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা।  ১×২=২

(ক) শাক্য সিংহ কোন?

(খ) ডেম-ডেউকা কি?

(গ) মিৰাণ্ডা কোন?

২। অতি চমুকৈ উত্তৰ  লিখা:  ১×২=২

(ক)  (i) “মধ্য এচিয়াৰ ইতিহাস’ কোনে লিখিছিল?

 (ii) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

নাইবা

(খ) (i) গেলিলিওয়ে আকাশৰ অধ্যয়নৰ কথাবোৰ কোনখন গ্ৰন্থত প্ৰকাশ কৰিছিল?

 (ii) ‘তটৰেখা’ কি?

৩। অতি চমুকৈ উত্তৰ লিখা:  ২×২=৪

(ক) বাল্মিকীৰ সুপ্ত প্ৰতিভাক কোনে সাৰ পোৱাই দিছিল?

(খ) কালিদাসৰ প্ৰতিভাই আমাক আৰু এটি কি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে?

(গ) ‘ছাৰৰ হেনো আজি বন্ধুৰ ল’ৰাৰ বিয়া আছিল’- বুলি পবিনৰ দেউতাকে সোধাত ছাৰে কি উত্তৰ দিছিল?

৪।  চমু উত্তৰ লিখা: ২

(ক) অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্ৰকাশ পাইছে?

 নাইবা

(খ) ডাকৰ বিষয়ে এটি টোকা লিখা।

৫।  চমু উত্তৰ লিখা: (যিকোনো দুটা)  ২×৩=৬

(ক) লণ্ডনৰ ৰয়েল ছ’চাইটিৰ সৈতে নিউটন কেনদৰে জৰিত হৈছিল?

(খ) ইং ১৫৪৩ চনটো বিজ্ঞান তথা মানৱ ইতিহাসৰ এটি উল্লেখযোগ্য বছৰ হিচাপে  কিয় কোৱা হৈছে?

(গ) ‘পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল।’ লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল?

(ঘ) বুশ্বেৰ বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে?

৬।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা:  ৪

(ক) লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা।

(খ) ‘নিয়মমতে আজি পবিনে তাৰ কইনাজনীৰ চিন্তাতে ৰোমান্টিক মনৰ হৈ থাকিব লাগিছিল।’– আচলতে পবিন ৰোমান্টিক হৈ কিয় থাকিব নোৱাৰিলে বুজাই লিখা।

৭।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা: ৫

(ক) ‘ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰময়’– কথাষাৰ মুকলিকৈ বুজাই লিখা।।

(খ) ‘অসমৰ বৈবচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিত অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’– কথাষাৰৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা।

৮। অতি চমুকৈ উত্তৰ  লিখা: (যিকোনো এটা)  ১

(ক) তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ?

 (খ) ‘বিটপী’ শব্দৰ অৰ্থ কি?

৯।  অতি চমুকৈ লিখা: (যিকোনো দুটা) ১×২=২

(ক) হলদ্ঘিাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

(খ) ‘দৃশ্যান্তৰ’ -ৰ অৰ্থ কি?

(গ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?

১০।  তলৰ যিকোনো এটা  প্ৰশ্নৰ উত্তৰ  লিখা: ২

(ক) “….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

(খ) ‘বহাগীৰ বিয়া’– কবিতাটেঅত উল্লেখ কৰা চৰাইবোৰৰ নাম লিখা।

১১। উত্তৰ লিখা: ২×৩=৬

 (ক) (i) ব্রজাৱলী ভাষাৰ ওপৰত এটি টোকা লিখা।

নাইবা

(ii) ‘জোৰোণ’-ৰ বিষয়ে এটি টোকা লিখা।

(খ) (i) ‘সাজু হোৱা দেশৰ মানুহ।’– কবিয়ে দেশৰ মানুহক কিয় সাজু হ’বলৈ কৈছে বুজাই লিখা।

নাইবা

 (ii) ‘বৰ শান্তিত আছোঁ এই পঁজাটিত।’–কোনে কিয় এইদৰে কৈছে বুজাই লিখা।

১২। প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা: ৪

 (ক) “মক্কাৰ দুৱাৰত চাহাব ত্রিবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।’

(খ) “হীৰক মণ্ডিত চন্দ্ৰতাপ খনি

ওমলিছে আকাশত,

আই বসুমতী দিয়ে পাটি পাৰি

সেউজীয়া আসনত।”

১৩।  ‘দৃশ্যান্তৰ’– কবিতাটোৰ কবিজনাৰ নাম কি? কবিতাটোৰ মূলভাৱ লিখা। ৫

নাইবা

‘মোৰ দেশ মানুহৰ দেশ’ কবিতাটোৰ মাজেৰে প্ৰকাশ পোৱা কবিৰ স্বদেশানুভূতি সম্পৰ্কে বহলাই লিখা।

১৪। তলৰ যিকোনো পাঁচটা  প্ৰশ্নৰ উত্তৰ কৰা; ২×৫=১০

(ক) তলত দিয়া যিকোনো দুটাৰ ব্যাস-বাক্য সহ সমাসৰ নাম লিখা।

 দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন।

(খ)  তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা।

ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি।

(গ)  তলৰ জটিল বাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা।

 যিজন লোক অকৃতজ্ঞ হয়, তেওঁ ক’তো স্থান নাপায়।

(ঘ) তলৰ যিকোনো দুটাৰ এটাকৈ সমাৰ্থক শব্দ লিখা।

আকাশ, ধৱল, বাৰিধি, সমীৰ।

(ঙ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা।

উলহ-মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা-ধৰ।

(চ) তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা।

দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া।

(ছ)  যথাস্থানত যতি চিহ্ন বহুওৱা।

প্ৰণৱে ক’লে আজি স্কুল খোলা আছেনে?

(জ) এটা শব্দত প্ৰকাশ কৰা: (যিকোনো দুটা)

বিষ্ণুৰ ভকত যি তেওঁ, ৰান্ধি খাব পৰা কলৰ পুলি, একে মাতৃৰ গৰ্ভত যাৰ জন্ম, একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক।

(ঝ) তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা।

ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়।

১৫।  ভাৱ সম্প্ৰসাৰণ কৰা: ৪

(ক) লাগি থাকিলে মাগি নাখায়।

নাইবা

(খ) তোমাৰ শিক্ষানুষ্ঠানৰ কাষতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছুসংখ্যক অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্থনা জনাব। সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘন্টাৰ পিছত ছুটি বিচাৰি, বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা )

(গ) তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্রতিবেদন লিখা।

১৬।  তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা: ৮

(ক) বিজ্ঞানৰ অৱদান

(আৰম্ভণি – বৈজ্ঞানিক আৱিষ্কাৰ – অৱদান – সামৰণি)

(খ) পুথি ভঁৰাল

 (আৰম্ভণি –  বিভিন্ন  প্ৰকাৰ – আৱশ্যকতা – সামৰণি)

(গ) অসমৰ কুটিৰ শিল্প

(আৰম্ভণি – অসমৰ কুটিৰ শিল্পসমূহ – উন্নয়নৰ উপায় – সামৰণি)

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ  উত্তৰ লিখা: ২×২=৪

(ক) “মহাৰাণী ভিক্টোৰিয়াই এইবাৰ দীঘলীয়াকৈ বাহৰ পাতিব যেন পাইছোঁ।”– ইয়াত কোনে, কাক মহাৰাণী ভিক্টোৰিয়া বুলি বক্ৰোক্তি কৰিছে?

(খ) ‘চোৱা পূজা, কাগজত এইয়া কি লেখিছে’– বুলি পূজাক দেউতাকে খবৰৰ কাগজত কি কথা লেখাৰ কথা কৈছে?

(গ) গানৰ চাৰক দেখিলে প্ৰেৰণাৰ কেনেভাৱ হৈছিল?

১৮। চমু টোকা লিখা: (যিকোনো দুটা) ২×২=৪

(ক) বলাই

(খ) জীনা বৰুৱা

(গ) সুস্মিতা

(ঘ) জিলমিল।

HSLC Exam Que Paper Assamese 2017

Group- B  (খ- বিভাগ)

মূল্যাংক: ২৫

HSLC Exam Que Paper Assamese 2017

১৯। অতি চমুকৈ উত্তৰ  লিখা: (যিকোনো দুটা) ১×২=২

(ক) স্বৰ্গদেৱলৈ দিয়া কোচৰজাৰ কন্যাগৰাকীৰ নাম কি?

(খ) গৰুৰ শিং এটা ওপৰলৈ আৰু এটা তললৈ যোৱাককি বোলে?

(গ) কুলক্ষয় দোষ কি?

২০। চমু উত্তৰ লিখা: (যিকোনো তিনিটা) ২×৩=৬

(ক) ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

(খ) আহোম স্বৰ্গদেৱে কি কাৰণত আহোম কটকীৰ ঠাইত বামুণ কটকীক নিয়োগ কৰিছিল?

(গ) ‘আবে পাণ্ডৱৰসৱৰ যুদ্যোৎসৱ শুনা’– কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্‌ক্ষণত পঞ্চপাণ্ডৱে কি শঙ্খ বজাইছিল?

(ঘ) ‘স্বৰ্গদেৱ প্ৰতাপ সিংহ’ নামৰ পাঠটি কি কি দিশত গুৰুত্বপূৰ্ণ?

২১। অতি চমু উত্তৰ লিখা: (যিকোনো দুটা) ১×২=২

(ক) তোমাৰ পাঠ্য ‘মুক্তি মঙ্গল ভটিমা’টি কোনখন নাটৰ পৰা লোৱা?

(খ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

(গ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছালনা কৰিছিল?

২২। চমু উত্তৰ লিখা: (যিকোনো দুটা) ৩×২=৬

(ক) ‘অঘ-বক ধেনুক কেশী সবংক

কংসক ধবংসল প্ৰাণ’

– ইয়াত উল্লেখ থকা অঘ-বক ধেনুক কোন?

(খ) “গাততে পোততে পেটাৰি বান্ধন্তে

ধনত লাগিবে জুই’

– ইয়াত কোনে, কি ধনত জুই লাগিব বুলি কৈছে?

(গ) মুক্তিমঙ্গল ভটিমাৰ বিষয়ে এটি টোকা লিখা।

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: (যিকোনো দুটা) ১×২=২

যাকেৰি, উৎপাড়ে, মোড়ল।

২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখা: ১

মই কালি তেজপুৰ যাম।

২৫। ‘চোন’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। ১

২৬। সমাৰ্থক শব্দ লিখা: ১

 পক্ষী, কামিনী।

২৭। তলৰ যিকোনো দুটাৰ  উদাহৰণসহ টোকা লিখা:২×২=৪

(ক) যতি।

(খ) চৰণ

(গ) দুলড়ী

(ঘ) পদ বা পয়াৰ।

০ ০ ০

HSLC Exam Que Paper Assamese 2017

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • শিশু পদ্য
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Additional Searches:

  1. HSLC Que Paper 2018 Assamese
  2. Seba Que Paper
  3. Seba HSLC Que Paper
  4. Assam HSLC Que Paper
  5. Seba Previous Question Papers
  6. Seba Que Papers 2021 …
Previous articleHSLC Exam Que Paper Assamese 2018
Next articleHSLC Exam Que Paper Assamese 2016

LEAVE A REPLY

Please enter your comment!
Please enter your name here