HSLC Exam Que Paper Assamese 2018

2

HSLC Exam Que Paper Assamese 2018

HSLC Exam Que Paper Assamese 2018

HSLC Exam Que Paper Assamese 2018

HSLC Exam Que Paper Assamese 2018

 Full Marks: 100     Time: 3 Hours

HSLC Exam Que Paper Assamese 2018

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ একেখন বহীত কৰিব লাগিব। 

HSLC Exam Que Paper Assamese 2018

Group-A (ক- বিভাগ)

মূল্যাংক: ৭৫

HSLC Exam Que Paper Assamese 2018

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ১×২=২

(ক) ৰজা দুষ্মন্তই কিহৰ সন্ধানত কণ্বমুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল?

(খ) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি’ গ্ৰন্থখনৰ ৰচক কোন?

(গ) পবিনৰ কইনাজনীৰ নাম কি?

২। অতি চমুকৈ উত্তৰ লিখা-১×২=২

(ক)  (i) ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?

(ii) প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

নাইবা

(খ) (i) কোন গ্ৰন্থ প্ৰকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বৌদ্ধিক মহলে গম পাইছিল?

(ii) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল?

৩। অতি চমুকৈ উত্তৰ লিখা: ২×২=৪

(ক) একোজন শিল্পীয়ে তেওঁৰ তুলিকা চালনাত কৌশল প্ৰয়োগ কৰি মানুহৰ মনত কেনে ধাৰণাৰ বিশ্বাস জন্মায় তাক বুজাই লিখা।

(খ) “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।”–কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা।

(গ) “দিনৰ বাৰমান বজাৰ পৰা তাৰ মনত এক চিন্তাই বাহ লৈছে।”– কাৰ মনত, কি চিন্তাই বাহ লৈছে? সেই চিন্তাৰ কাৰণ কি, খৰচি মাৰি লিখা।

৪।  চমু উত্তৰ লিখা: ২

(ক) ‘সভ্যতা’ আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

নাইবা

(খ) “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।”– ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।

৫।  চমু উত্তৰ লিখা:  (যিকোনো তিনিটা) ২×৩=৬

(ক) সোতৰ শতিকাৰ চিৰস্মৰণীয় ব্যক্তিজনক নিউটন বুলি কোৱাৰ কাৰণ কি?

(খ) আপেক্ষিকতাবাদ সম্পৰ্কে এটি টোকা লিখা।

(গ) জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

(ঘ) বেহেষ্ট-ই-জাহাৰৰ লগত টেহৰাণবাসীৰ  সম্পৰ্কৰ বিষয়ে লিখা।

৬।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা: ৪

(ক) “সৃষ্টিত সদায় এটি অনাহত ধবনি উঠিব লাগিছে।”– কথাষাৰৰ অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা।

(খ) “তাৰ আকৌ নিজৰ ওপৰত খং উঠিল।”– কাৰ কি কাৰণত নিজৰ ওপৰত খং উঠিল, বুজাই লিখা।

৭।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা: ৫

(ক) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।” — তাৎপৰ্য বিচাৰ কৰা।

(খ) “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।”– কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল, বুজাই লিখা।

৮। অতি চমুকৈ উত্তৰ  লিখা: (যিকোনো এটা)  ১

(ক) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

 (খ) জিকিৰৰ ৰচক কোন?

৯।  অতি চমুকৈ লিখা (যিকোনো দুটা) ১×২=২

(ক) ‘মোৰ দেশ মানুহৰ দেশ’ কবিতাটিৰ কবি কোন?

(খ) হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

(গ) ‘কাকিনী তামোল’ শব্দৰ অৰ্থ কি?

১০।  তলৰ যিকোনো এটা  প্ৰশ্নৰ উত্তৰ  লিখা: ২

(ক) বৰগীতৰ লক্ষণসমূহ কি কি?

(খ) বঘুনাথ চৌধুৰীদেৱ কি কবি বুলি খ্যাত? তেওঁক এই আখ্যা কিয় দিয়া হৈছে?

১১। উত্তৰ  লিখা: ৩×২=৬

(ক) (i) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।।

— অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা।

নাইবা

(ii) জিকিৰৰ বিষয়ে এটি টোকা লিখা।

(খ) (i) বাৰে বাৰে সাজিছে কাৰেং

বিশ্ব সভ্যতাৰ।

–কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে, লিখা।

নাইবা

(ii) এই কংক্ৰীটৰ হাবিখনত তেওঁক

বিচাৰি নাপালোঁ আৰু।

–ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কথা কৈছে, বুজাই লিখ।

১২। প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা ৪

 (ক) “স্বৰগ-মৰত সকলো ঠাইতে

উঠিছে  আনন্দৰ ৰোল

সাজোন-কাচোন ৰং ৰূপহত

গোটেই জগত ভোল।”

(খ) “খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।

মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ।।”

১৩।  তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। ৫

(ক) মোৰ দেশ মানুহৰ দেশ

(খ) দৃশ্যান্তৰ

১৩। তলৰ যিকোনো পাঁচটা  প্ৰশ্নৰ উত্তৰ  কৰা: ২×৫=১০

(ক) তলৰ যিকোনো দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা।

ত্ৰিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক।

(খ)  তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা।

সূৰ্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক।

(গ)  তলৰ জটিল বাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা।

যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা।

(ঘ) তলৰ যিকোনো দুটা  শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা।

প্ৰণাম, পৰায়ণ, ঋষভ, সুষম।

 (ঙ) যথাস্থানত যতিচিন বহুওৱাঃ

হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা।

(চ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা।

খাই পাত ফলা, আলাসৰ লাড়ু, ন দি ক, ভিৰাই লৰ মাৰ।

(ছ)  তলৰ যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা।

পাৰ্থক্য, দ্ৰুত, উচ্ছৃঙ্খল, স্থাৱৰ।

(জ) এটা শব্দত প্ৰকাশ কৰা: (যিকোনো দুটা)

পনীয়া গাখীৰ দিয়া গাই, যি একেলগে পঢ়ে , যাক মূল্য দি কিনিব নোৱাৰি, যাক পৰিত্যাগ কৰিব নোৱাৰি।

(ঝ) তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা।

ভাৱৰীয়া, বাটৰুৱা, কঁহাৰ, উতলা।

১৫।  ভাৱ সম্প্ৰসাৰণ কৰা: ৪

(ক) এশ গৰু মাৰিলে বাঘৰো মৃত্যু হয়।

 নাইবা

(খ) তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰীৰ একতা সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা )

(গ)বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পদকলৈ এখন প্রতিবেদন লিখা।

১৬।  তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা: ৮

 (ক) তোমাৰ প্ৰিয় গ্ৰন্থ

(আৰম্ভণি– গ্ৰন্থৰ বিষয়-বস্তু– ভাল লগাৰ  কাৰণ– সামৰণি)

(খ) অসমৰ বানপানী

 (আৰম্ভণি–বানপানীৰ কাৰণ–প্ৰতিৰোধৰ উপায়–সামৰণি)

(গ) পৰিেবশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

 (আৰম্ভণি–প্ৰদূষণৰ কাৰণ–প্ৰতিকাৰ–সামৰণি)

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ  উত্তৰ লিখা: ২×২=৪

(ক) “তুমি গাঁৱৰ কথােবাৰ মোক কোৱাই নাই নহয়।”– কথাষাৰ কোনে, কাক, কৈছিল? ইয়াৰ উত্তৰত বক্তাই কোনবোৰ কথা শুনিবলৈ পাইছিল?

(খ) “তুমি মোক বচালা প্ৰেৰণা” –কথাষাৰৰ বক্তা কোন? কি প্ৰসঙ্গত বক্তাই উক্ত কথাষাৰ ক’বলগা হৈছিল?

(গ) প্ৰেৰণাই কি কাৰণে ৰাষ্ট্ৰপতিলৈ চিঠি লিখিবলৈ ইচ্ছা কৰিছিল?

১৮। তলৰ যিকোনো দুটা চৰিত্ৰৰ চমু পৰিচয় দিয়া। ২×২=৪

(ক) আইতা

(খ) সৌৰভ

(গ) প্ৰশান্ত

(ঘ) জিলমিল।

HSLC Exam Que Paper Assamese 2018

Group- B (খ- বিভাগ)

মূল্যাংক: ২৫

HSLC Exam Que Paper Assamese 2018

১৯। অতি চমুকৈ উত্তৰ লিখা: (যিকোনো দুটা) ১×২=২

(ক) ‘স্বৰ্গদেউ প্ৰতাপ সিংহ’ পাঠটি কোখন বুৰঞ্জীৰ পৰা অনা হৈছে?

(খ) ‘বিষাদ যোগ’ পাঠটিৰ মূল কি?

(গ) অৰ্জুনৰ ধনুখনৰ নাম কি?

২০। চমু উত্তৰ লিখা: (যিকোনো তিনিটা) ২×৩=৬

(ক) “তোৰ যদি কুকুৰা পোৱালিটো হানি হয় তাৰ বধে মোকে পাব আৰু যদি বঙালৰ মৃক্ষ-মৃক্ষ দুই-চাৰি কাটি আহিব তাক বৰগোঁহাই পাতিম।” — কথাষাৰৰ বক্তা কোন? বক্তাই কাক বৰগোঁহাই পাতিব বুলি আশা দিছে?

(খ) মোমাই তামুলি বৰবৰুৱাক ৰজাই কিয় বন্দীশালত এবছৰ থৈছিল, বুজাই লিখা।

(গ) অৰ্জুেন শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

(ঘ) ভট্টদেৱে ‘কবিৰত্ন’ আৰু‘ভাগৱত ভট্টাচাৰ্য’ উপাধি কিয় লাভ কৰিছিল?

২১। অতি চমু উত্তৰ  লিখা:  (যিকোনো দুটা) ১×২=২

(ক) দৈৱকী উদৰে উদয় যোহি দেৱা

— ইয়াত ‘যোহি দেৱা’ বুলি কাক কোৱা হৈছে?

(খ) কপিল মুনিৰ মাতৃ কোন?

(গ) শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি?

২২। চমু উত্তৰ লিখা: (যিকোনো দুটা) ৩×২=৬

(ক) “কথাক কহন্তে ক্ৰন্দন আসয়

য’ত অপমান পাওঁ।”

— ইয়াত কোনে, কি অপমান পোৱাৰ কথা কৈছে?

(খ) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ৰূপ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ  সহায়ত বুজাই লিখা।

(গ) অঘাসুৰ কোন? তেওঁ কি ৰূপ ধাৰণ কৰি কৃষ্ণক মাৰিবলৈ আহিছিল?

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: (যিকোনো দুটা) ১×২=২

তৰণে, উতপাটক, বিগুটিয়া।

২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখা: ১

তোমাৰ দেউতা আহিছে।

২৫। ‘হ’বলা’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। ১

২৬। সমাৰ্থক শব্দ লিখা: ১

পদুম, ঘাঁহ

২৭। তলৰ যিকোনো দুটাৰ  চমু টোকা লিখা: ২×২=৪

(ক) ছবি

(খ) ঝুমুৰা

(গ) লেচাৰি

(ঘ) ঝুনা। ০ ০ ০

HSLC Exam Que Paper Assamese 2018

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • শিশু পদ্য
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Additional Searches:

  1. HSLC Que Paper 2018 Assamese
  2. Seba Que Paper
  3. Seba HSLC Que Paper
  4. Assam HSLC Que Paper
  5. Seba Previous Question Papers
  6. Seba Que Papers 2021 …
Previous article HSLC Exam Que Paper Assamese 2019
Next articleHSLC Exam Que Paper Assamese 2017

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here