HSLC Exam Que Paper Assamese 2019

0

 HSLC Exam Que Paper Assamese 2019

 HSLC Exam Que Paper Assamese 2019

 HSLC Exam Que Paper Assamese 2019

 HSLC Exam Que Paper Assamese 2019

Full Marks: 100         Time: 3 Hours

 

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ একেখন বহীত কৰিব লাগিব। 

Group-A (ক- বিভাগ)

মূল্যাংক: ৭৫

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ১×২=২

(ক) ‘সাহিত্যই জীৱনৰ অমিয়া’ নামৰ পাঠটি লেখকৰ কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে?

(খ) কোনখন পুথিৰ বাবে বন্দিতা ফুকনে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে?

(গ) ৰ’দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে?

২। অতি চমুকৈ উত্তৰ লিখা: ১×২=২

(ক)  ‘পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিমানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।’ — কথাষাৰ মুকলিকৈ বুজাই লিখা।

নাইবা

(খ) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়?

৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা: ৪

(ক) ছুটিৰ আগদিনা পবিনে ছাৰৰ ওচৰত জমা দিওঁতে ছাৰে পৰিবনক কি কৈছিল?

(খ) “পঢ়াই, পঢ়ে, ৰোৱে পাণ।

এই তিনি নিচিন্তে আন।” — তাৎপৰ্য বিচাৰ কৰা।

৪।  তলৰ যিকোনো এটা প্ৰশ্নৰ  উত্তৰ লিখা: ৫

(ক) “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।” — কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ? ‘ভাৰতীয় সংস্কৃতি’ পাঠৰ আধাৰত বুজাই লিখা।

(খ) “এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।”– ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? “নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই” বোলা কথাষাৰৰ সত্যাসত্যতা পাঠৰ সহায়ত বিচাৰ কৰা।

৫।  তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা: ১

(ক) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিৰ কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

৬।  তলৰ যিকোনো এটি প্ৰশ্নৰ  উত্তৰ লিখা: ২

(ক) মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।

(খ) জোৰোণ কি? বহাগীৰ বিয়াত কোনে জোৰোণ পিন্ধাবলৈ আহিছে?

৭।  তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা: ৫

(ক) “জড় জগতত  জীৱ জগতত

পাওঁ সকলোতে দেখা,

মহাবিশ্ব জুৰি  বিৰিঙিছে যেন

আননন্দৰ পূৰ্ণ ৰেখা।

(খ) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।।

৮। (ক) ‘দৃশ্যান্তৰ কবিতাটিৰ মূলভাৱ লিখা। ৫

নাইবা

(খ) ভাৰতবৰ্ষত বিভিন্নতাৰ মাজত ঐক্য ‘মোৰ দেশ মনুহৰ দেশ’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।

৯।  অতি চমুকৈ লিখা: ১×২=২

(ক) ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি কোন?

(খ) জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়?

নাইবা

(ক)জ্যোতিবিজ্ঞানী ট’মেলীৰ দ্বাৰা ৰচিত বিশ্বকোষসদৃশ প্ৰভাৱশালী গ্ৰন্থখনৰ নাম কি?

(খ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

১০।  তলৰ যিকোনো দুটা  প্ৰশ্নৰ উত্তৰ  লিখা; ২×২=৪

(ক) কি ৰহস্য ভেদ কৰিবলৈ মানুহৰ কি কি বৃত্তিয়ে চিৰকাল চেষ্টা কৰি আছে, বুজাই লিখা।

(খ) ‘উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বন্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাাই।’– লেখক ডিম্বেশ্বৰ নেওগদেৱে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত উল্লেখ কৰিছে?

(গ) পবিনে বিয়াৰ নিয়ন্ত্ৰণী চিঠিখন  ছাৰৰ হাতত দি কি কৈছিল আৰু ছাৰে কি বুলি কৈছিল?

১১। চমু উত্তৰ লিখা: ৩×২=৬

(ক) ১৫৪৩ খ্ৰীষ্টাব্দত প্ৰকাশ পোৱা যুগান্তকাৰী গ্ৰন্থ দুখনৰ নাম  কি আৰু লেখক দুগৰাকী কোন?

(খ) নিউটনক বন্দনা কৰি কবি পোপে কি দুশাৰী কবিতা লিখিছিল?

(গ) ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল?

(ঘ) তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডগলিং’ আহিলাসমূহৰ ভূমিকা কি?

১২। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা: ১×২=২

(ক) ওঙ্কাৰধাম ক’ত?

(খ) আইন অমান্য আন্দোলন কেতিয়া হৈছিল?

(গ) ‘মধুসূদনৰ দলং’ নামৰ গল্প-পুথিখনৰ ৰচক কোন?

১৩।  উত্তৰ লিখা। ৩×২=৬

(ক) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।।

–ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?

নাইবা

‘আচমানৰ কুটুব তৰা আদমৰ জাত।

সজাত মইনা আছে ঘনে লগায় মাত।।’

–অন্তৰ্নিহিত অৰ্থটি বজাই লিখা।

(খ) ‘মৈত্ৰী আৰু অহিংসাৰ শলিতা জ্বলোৱা’ মানে কি?

নাইবা

‘সময়টো আছিল গধূলি।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল

নিজৰ ঘৰৰ পদূলি।’

–নিজৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজন কিদৰে সস্তীয়া সভ্যতাৰ মাজত হেৰাই গ’ল, বৰ্ণনা কৰা।

১৪। তলৰ যিকোনো পাঁচটা  প্ৰশ্নৰ উত্তৰ কৰা: ২×৫=১০

(ক) তলৰ যিকোনো দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা।

পঞ্চাঙ্গুল; যোগভ্ৰষ্ট, শতাব্দী।

(খ)  তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা।

হিমালয়, ষড়ানন, সঞ্চয়।

(গ)  তলৰ বাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা।

সঁচা কথা ক’বা তেতিয়া সকলোৱে মৰম কৰিব।

(ঘ) তলৰ যিকোনো দুটা  শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা।

স্পষ্ট, ঘন্টা, কৃষ্ণ।

(ঙ) যথাস্থানত যতিচিন বহুওৱাঃ

তেওঁ ক’লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান

(চ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা।

জয় দেউ কাকূতি,  ঊনৈশত বা বলা, ঠেৰু ছিগা।

(ছ)  তলৰ যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা।

বিস্তৃত, প্ৰাচ্য, আবিৰ্ভাৱ।

(জ) এটা শব্দত প্ৰকাশ কৰা: (যিকোনো দুটা)

ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, নেজ নসৰা বেঙৰ পোৱালি।

(ঝ) তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা।

যুঁজাৰু, নাচনিয়াৰ, লেখক।

১৫।  ভাৱ সম্প্ৰসাৰণ কৰা: ৪

(ক) পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ।

 নাইবা

(খ) তোমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালৰ প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পদক / সম্পাদিকা হিচাপে এখনি আবেদন লিখা।। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা)

(গ) বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি, সেই পৰিৱেশক শীঘ্ৰে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা।

১৬।  তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা: ৮

(ক) স্কুল  আলোচনী আৰু ইয়াৰ উপযোগিতা

(আৰম্ভণি–স্কুল আলোচনীৰ প্ৰয়োজনীয়তা–আলোচনী প্ৰকাশৰ অসুবিধা– সামৰণি)

(খ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

(আৰম্ভণি–দৈনন্দিন জীৱন আৰু বিজ্ঞান–বিজ্ঞানৰ ক্ষতিকাৰক দিশ — সামৰণি)

(গ) দূৰদৰ্শন

(আৰম্ভণি–উপকাৰিতা–কুপ্ৰভাৱ–সামৰণি)

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ  উত্তৰ লিখা: ২×২=৪

(ক) “বৃত্তিৰ পইচাখিনি মই জিলমিলক দি দিলে তোমালোক বেয়া পাবা নেকি?।”–কথাষাৰ কোনে, কাক, কৈছিল? বৃত্তিৰ পইচাখিনি’ কিয় জিলমিলক দিব বিচাৰিছিল?

(খ) “আজি স্কুলত ছাগে তোমাক সকলোৱে অভিনন্দন জনাইছে নহয়? জীয়েৰাই ইমানবোৰ পুৰস্কাৰ লাভ কৰিছে।’– কথাষাৰ কোনে, কাক কি প্ৰসংগত কৈছিল?

(গ) প্ৰেৰণাৰ অক্ষমতাক লৈ আইতাকৰ প্ৰতিক্ৰিয়া কি ধৰণৰ আছিল? প্ৰেৰণাৰ কেনে লাগিছিল?

১৮। তলৰ যিকোনো দুটা চৰিত্ৰৰ চমু পৰিচয় দিয়া। ২×২=৪

(ক) জিলমিল

(খ) সুলেখা

(গ) ভদ্ৰ

Group- B (খ- বিভাগ)

মূল্যাংক: ২৫

১৯। অতি চমুকৈ উত্তৰ লিখা: (যিকোনো দুটা) ১×২=২

(ক) ‘স্বৰ্গদেউ প্ৰতাপ সিংহই জয়ন্তীয়া কুশল মঙ্গলৰ বিষয়ে বুঁজ ল’বলৈ পঠিওৱা কটকীগৰাকীৰ নাম কি?

(খ) ‘বাইলুং দেওধাই’ কোন?

(গ) ভট্টদেৱৰ গুৰু কোন?

২০। চমু উত্তৰ লিখা: (যিকোনো তিনিটা)  ২×৩=৬

(ক) ‘আততায়ী’ কাক বোলে?

(খ) ‘বোলে, ভাল কৰি থওক। মঞি পৰশুলৈ গৈ ৰং চাব লাগে।’– কথাষাৰৰ বক্তা কোন? তেওঁ কি উদ্দেশ্যে এইদৰে কৈছিল?

(গ) বুৰঞ্জী অধ্যয়নে ছাত্ৰ-ছাত্ৰীৰ অন্তৰত কেনেধৰণৰ ভাৱ জগাই তুলিব পাৰে।

(ঘ) ‘জানা ৰাজা, যুদ্ধৰ সমুখত অৰ্জুনে এহি বাক্য বুজি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ ওপৰত বসিলা।’– এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰ বহি পৰিল, তোমাৰ কথাৰে লিখা।

২১। অতি চমু উত্তৰ লিখা: (যিকোনো দুটা)  ১×২=২

(ক) শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন?

(খ) শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি?

(গ) ‘ব্রহ্মা আদি কৰি য’ত চৰাচৰ

মোক সেৱা কৰি যাই।’

— ইয়াত ব্রহ্মা আদি চৰাচৰে কাক সেৱা কৰে?

২২। চমু উউত্তৰ লিখা: (যিকোনো দুটা) ৩×২=৬

(ক) “মোহোৰ মখিত লাজ লাগে বৰ

তোহোৰ গুণ কহন্তে।”

– ইয়াত কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ ক’বলৈ বক্তাৰ কিয় লাজ লাগে? বৰ্ণনা কৰা।

(খ) কানাইৰ চাতুৰী কবিতাটিৰ মূলভাৱ লিখা।

(গ) “যোহি জগত গুৰু তেৰি সততে কৰু

মুকুতি মংগল বিধান।’ — জগত গুৰু বুলি কাক কোৱা হৈছে? জগত গুৰুজনৰ গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা হৈছে, তোমাৰ কথাৰে লিখা।

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। (যিকোনো দুটা)  ১×২=২

সুজান, তাসম্বাক, হাৰলি

২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখা: ১

বিহুত তোমাক গামোচাএখন পঠিয়াম।

২৫। ‘হঁক’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। ১

২৬। সমাৰ্থক শব্দ লিখা: ১

তৰঙ্গ, কুসুম

২৭। তলৰ যিকোনো দুটাৰ  চমু টোকা লিখা: ২×২=৪

(ক) কবিতাত ছন্দৰ প্ৰয়োজন কি, বজাই লিখা।

(খ) লেচাৰি ছন্দ কাক বোলে? এটা উাহৰণ দিয়া।

(গ) ‘একাৱলী’ ছন্দৰ বিষয়ে এটি টোকা লিখা। ০ ০ ০

 HSLC Exam Que Paper Assamese 2019

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • শিশু পদ্য
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Additional Searches:

  1. Seba Que Paper
  2. Seba HSLC Que Paper
  3. Assam HSLC Que Paper
  4. Seba Previous Question Papers
  5. Seba Que Papers 2021 …

 

Previous articleHSLC Exam Que Paper Assamese 2020
Next articleHSLC Exam Que Paper Assamese 2018

LEAVE A REPLY

Please enter your comment!
Please enter your name here