HSLC Exam Que Paper Assamese 2020

0

HSLC Exam Que Paper Assamese 2020

HSLC Exam Que Paper Assamese 2020

HSLC Exam Que Paper Assamese 2020

HSLC Exam Que Paper Assamese 2020

HSLC Exam Que Paper Assamese 2020

Subject-Assamese

Full Marks: 100     Time: 3 Hours

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ একেখন বহীত কৰিব লাগিব। 

Group-A (ক- বিভাগ)

মূল্যাংক: ৭৫

১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ১×২=২

(ক) অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত সাহিত্যক গৰাকীৰ নাম লিখা।

(খ) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?

(গ) আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল?

২। অতি চমুকৈ উত্তৰ লিখা: ১×২=২

(ক)  প্ৰাচীন জ্যোৰ্তিবিজ্ঞানৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ কোনখন?

(খ) ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে?

৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা: ১

(ক) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

 (খ) “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।” কথাষাৰৰ বক্তা কোন?

(গ) ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

৪।  তলৰ যিকোনো দুটা প্ৰশ্নৰ  উত্তৰ লিখা।  ২×২=৪

(ক) লেখকৰ মতে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?

(খ) মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

(গ) “এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।” -কথাষাৰৰ অন্তনিৰ্হিত অৰ্থটি বুজাই লিখা।

৫।  তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা: ১

(ক) ১৫৪৩ খ্ৰীষ্টাব্দক কিয় মানৱ ইতিহাসৰ এটি উল্লেখযোগ্য বছৰ বুলি কোৱা হয়?

(খ) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুলি ঘটাব পাৰে?

৬।  তলৰ যিকোনো তিনিটা প্ৰশ্নৰ  উত্তৰ লিখা :  ২×৩=৬

(ক) ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজন বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’ -কথাষাৰৰ যুকিক্তযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।

(খ) কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলকৰ অৱগৰ কৰিছিল?

(গ) টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।

(ঘ) এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল?

৭।  তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : ৫

(ক) আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে? ‘ছাত্ৰ জীৱন আৰু সমাজ সেৱা’ পাঠটোৰ আধাৰত বুজাই লিখা।

(খ) অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

(গ) “এটা সংমিশ্ৰিত-সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।” – ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

৮। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা:

(ক) “বিজ্ঞান ঢােপ ঢােপ আগবাঢ়ে । প্ৰত্যেক বিজ্ঞানীয়ে তেওঁৰ পূৰ্বৱৰ্তী বিজ্ঞানীসকলৰ কামৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল।” – ‘নিউটন আৰু সপ্তাদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ’ পাঠটিৰ সহায়ত বুজাই লিখা। ৫

(খ) “ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” -কথাষাৰৰ  বক্তা কোন। ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটিৰ আধাৰত বজাই লিখা।

৯।  অতি চমুকৈ লিখা: ১×২=২

(ক) “সনক সনন্দ যোগী যাহাকু ধিয়ায়।” -সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

(খ) আজান ফকিৰৰ আচল নাম কি আছিল?

১০।  তলৰ যিকোনো এটা  প্ৰশ্নৰ উত্তৰ লিখা: ১

(ক) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম-পৰিমল যচা বুলি কবিয়ে কৈছে?

(খ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

(গ) হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি?

১১। উত্তৰ  লিখা : ৩

(ক)  কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা।

নাইবা

(খ) ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেন শালে শ’লৰ লগত দৰিকাৰ টপালি। – কবিতাফাকিৰ অন্তনিৰ্হিত ভাৱটি বিশ্লেষণ কৰা।

১২। উত্তৰ লিখা: ৩

 (ক) ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পদযাত্ৰী।’

— কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

নাইবা

 (খ) ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে

শুকান সান্দহ  আৰু পানী আঁজলিত।’ -কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

১৩। তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা: ৪

(ক) তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমি সে জীৱন।।

(খ)  ‘দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই”।।

১৪। (ক) ‘মই অসমীয়া’ কবিতাটিৰ সাৰাংশ লিখা। ৫

নাইবা

(খ) ‘প্ৰশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।

১৫। (ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহৰ সমাসৰ নাম লিখা। ১

পঞ্চাঙ্গুল,  স্বায়ত্বশাসন

(খ)  তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ১

 হিতৈষী, শীতাৰ্ত

(গ)  তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ লিখা। ১

 চান্দ্ৰায়ণ, দুৰি্বষহ

(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। ১

স্তুতি, সুষুপ্তি

(ঙ) এটা শব্দত প্ৰকাশ কৰা (যিকোনো এটা)। ১

কোনো কথা নিশ্চয় কৰিবলৈ  পঠোৱা বিশ্বাসী মানুহ, চুহি খাব লগা বস্তু।

 (চ) তলৰ যিকোনো এটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা: ১

কপহুৱা, গভাইত

(ছ)  সৰল বাক্য, মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে? প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। ২

(জ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা:

কাণ সৰালি মাৰ, চকুৰ কুটা দাঁতৰ শাল, জয়দেউ কাকুতি।

১৬।  তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা: ৪

(ক) ভাৱ সম্প্ৰসাৰণ কৰা:

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে  ।

(খ) তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ খেল-ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰীৰ একতা সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন লিখা।  (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা )

(খ) বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিেবদন লিখা।

১৭।  তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা: ৮

(ক) তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা

(আৰম্ভণি–আয়োজন– বঁটা বিতৰণ–সামৰণি)

(খ) শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী

(শৈক্ষিক পৰিৱেশ মানে কি– সমাজ আৰু শিক্ষকৰ ভূমিকা– বিদ্যাৰ্থীৰ কৰ্তব্য–মন্তব্য)

(গ) তুমি ভালেপাৱা এগৰাকী সাহিত্যিক

(আৰম্ভণি–জন্ম আৰু শিক্ষাঃসাহিত্যিক অৱদান–ভালেপাৱাৰ কাৰণ)

১৮। ‘বৈচিত্ৰময় অসম’ নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। ২×২=৪

১৯। তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। ২×৩=৬

Group- B   (খ- বিভাগ)

মূল্যাংক: ২৫

২০। অতি চমুকৈ উত্তৰ লিখা: (যিকোনো দুটা)  ১×২=২

(ক) ‘ৰামসিংহৰ অসম আক্ৰমণ’ বিৱৰণটো ক’ৰ পৰা লোৱা হৈছে?

(খ) মোগল সেনাপতি ৰামসিংহই অসমলৈ পঠোৱা কটকীজনৰ নাম কি?

(গ) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?

২১। চমু উত্তৰ লিখা: (যিকোনো তিনিটা) ২×৩=৬

(ক) কুৰুক্ষেত্ৰৰ আৰম্ভণিতে কৃষ্ণ, অৰ্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা।

(খ) “যুদ্ধত স্বজনবধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবােঞ্ছা।” -কথাষাৰ কোনে, কাৰ আগত, কেতিয়া কৈছে?

(গ) ‘যদি যুদ্ধ দিয়ে, আহিলা-পাতি নাই, মোলৈ খুজি আহোক। তাক মই দিঞো।’ -কোনে, কাক, কি প্ৰসংগত কৈছিল বুজাই লিখা।

(ঘ) ‘সেই নিবন্ধতে থাকি গুৱাহাটী ছাড়ি দিঞোক; ৰূপৰ সোণৰ খুটা পুতি দুইজনে নিবন্ধ কৰো। আৰু চন্দ্ৰ সূৰ্য থাকে মানে কোনে লৰাই।” -কথাষাৰ কোনে, কেতিয়া, কি প্ৰসংগত কৈছিল?

২২। অতি চমু উত্তৰ লিখা: ১×২=২

(ক) শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাটখনৰ নাম কি?

(খ) ছয়ৰতি সোনাৰ বংশী গড়ায় নেদ

ৰাজপটেশ্বৰী হুই।

-ইয়াত ‘ৰাজপটেশ্বৰী’ বুলি কাক কৈছে?

২৩। চমু উত্তৰ লিখা: (যিকোনো দুটা): ৩×২=৬

(ক) ভটিমা বুলিলে কি বুজা? ভটিমা কেইবিধ আৰু কি কি? অংকীয়া ভটিমাত কেইটা ভটিমা থাকে পাঠৰ সহায়ত বুজাই লিখা।

(খ) সোহি জগত গুৰু তেৰি সততে কৰু

মুকুতি মংগল বিধান।

– জগত গুৰু বুলি কাক কৈছে? জগত গুৰু জনাৰ গুণানুকীৰ্তন ভটিমাটেত কেনেদৰে কৰা হৈছে তোমাৰ কথাৰে লিখা।

(গ) মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

২৪। (ক) তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা: ১

উতাৰল, তাসম্বাক

(খ) তলৰ বাক্যটি শুদ্ধকৈ লিখা: ১

তুমি কালি যেনেতেনে যাবা।

(গ) তলৰ শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। ১

মুখ, স্বামী

২৫। অনুসৰ্গ কাক বোলে? এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা। ২

২৬। তলৰ যিকোনো দুটাৰ  চমু টোকা লিখা: ২×২=৪

পয়াৰ, লেচাৰি , ছবি।  ০ ০ ০

HSLC Exam Que Paper Assamese 2020

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • শিশু পদ্য
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Additional Searches:

  1. Seba Que Paper
  2. Seba HSLC Que Paper
  3. Assam HSLC Que Paper
  4. Seba Previous Question Papers
  5. Seba Que Papers 2021 …
Previous articleGuide to B ED Entrance Test
Next article HSLC Exam Que Paper Assamese 2019

LEAVE A REPLY

Please enter your comment!
Please enter your name here