আদৰ্শ ছবি অঁকা-তৃতীয় ভাগ. A Drawing Book for Class -III Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.
আদৰ্শ ছবি অঁকা-তৃতীয় ভাগ
আদৰ্শ ছবি অঁকা-তৃতীয় ভাগ
তৃতীয় শ্রেণীৰ বাবে
প্ৰস্তুতকৰ্তা
গ্রোহিলচ্ পাব্লিশিং লিখক সমিতি
গ্রোহিলচ্ পাব্লিশিং
ADARSHA SABI ANKA-III: A Drawing Book for Class -III Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.
আদৰ্শ ছবি অঁকা-দ্বিতীয় ভাগ
All Rights Reserved with the Publisher
আদৰ্শ ছবি অঁকা-দ্বিতীয় ভাগ
Dispute of any kind is subject to Barpeta Jurisdiction only.
আদৰ্শ ছবি অঁকা-দ্বিতীয় ভাগ
Internet Edition
আদৰ্শ ছবি অঁকা-দ্বিতীয় ভাগ
Rs: …………./- only
আগকথা
(১)
চিত্ৰাঙ্কন হৈছে এবিধ কলা। আকৌ কলা হৈছে মানুহে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ ব্যৱহাৰ কৰি সৃষ্টি কৰা যিকোনো সৃষ্টিশীল কাম। যেনে ঃ গীত গোৱা, কবিতা ৰচনা কৰা, নৃত্য কৰা, অভিনয় কৰা, কাঠৰ আচবাব তৈয়াৰ কৰা, ঘৰ বনোৱা, অট্টালিকা তৈয়াৰ কৰা, চিলাইৰ কাম কৰা, সূতা কটা, মাটিৰ পাত্ৰ তৈয়াৰ কৰা ইত্যাদি। প্ৰাচীন ভাৰতীয় মনীষী¸সকলে কলাক বাষষ্টিটা ভাগত ভাগ কৰিছিল। সেই বাষষ্টি কলাৰ ভিতৰত ছবি অঁকা (চিত্ৰাঙ্কন) হৈছে এক অন্যতম ললিত কলা ।
.
অতীজৰে পৰাই ভাৰতবৰ্ষত চিত্ৰাঙ্কন এক বিশেষ মৰ্যদাসম্পন্ন কলা হিচাপে চৰ্চিত হৈ আহিছে। ভাৰতৰ প্ৰাচীন যুগ বিশেষকৈ গুপ্ত যুগত অংকন কৰা অজন্তা আৰু ইলোৰাৰ গুহা চিত্রবোৰ বিশ্ববিখ্যাত। মধ্য যুগত বিশেষকৈ মোগল যুগত এই বিদ্যাই এক নতুন মাত্ৰা লাভ কৰে। মোগল যুগত ৰচিত হোৱা জীৱনীমূলক আৰু বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ আবেদন বৃদ্ধি কৰিবলৈ গ্রন্থবোৰৰ পৃষ্ঠাৰ মাজে মাজে প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীসকলৰ দ্বাৰা ছবি অংকন কৰা হৈছিল। বৰ্তমান কম্পিউটাৰৰ যুগতো চিত্ৰ কলাৰ আবেদন অকনো হ্রাস পোৱা নাই। উদাহৰণস্বরুপ সাম্প্ৰতিক সময়ৰ ভাৰতীয় চিত্ৰশিল্পী মায়া বৰ্মন, মানৱ গুপ্ত, মনজিত বাৱা, মহম্মদ ইডছুফ খাকৰী, ফিদা হুছেইন, অসমৰ অতনু বৰুৱা আদিৰ নাম উল্লেখ কৰিব পাৰি। ইয়াতে বিশেষ উল্লেখ কৰিবলগীয়া যে ভাৰতৰ ফিদা হুছেইনে প্ৰতি মিনিটত একোটাকৈ ছবি অংকন কৰিবপাৰিছিল। এই জন শিল্পীৰ প্ৰতিখন ছবিৰ দাম আছিল ভাৰতীয় মুদ্ৰাত এক কোটি টকা।
.
জীৱনত চিত্ৰ কলা চৰ্চাৰ অতীৱ গুৰুত্ব আছে। যেনে ঃ
প্ৰথমতে, চিত্ৰাংকন চৰ্চাই কল্পনা শক্তি বৃদ্ধি কৰে।
দ্বিতীয়তে, ই বোধশক্তি বৃদ্ধি আৰু সৃষ্টিশীল মনোবৃত্তি গঠন কৰে।
তৃতীয়তে, ই মনোযোগ দৃঢ় কৰে।
চতুৰ্থতে, ই সৌন্দর্যবোধ বৃদ্ধি কৰে।
পঞ্চমতে, ই মানসিক আনন্দ দান কৰে।
.
চিত্ৰকলা চৰ্চাৰ তাৎপৰ্য অনুধাৱন কৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰাই চিত্ৰাংকন বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে।
.
সাধাৰণতে চিত্ৰাঙ্কন বিদ্যাত বুৎপত্তি থকা শিক্ষক-শিক্ষয়িত্ৰীকহে এই বিষয়টো শিকোৱাৰ দায়িত্ব দিব লাগে। শিক্ষকে ব্ল্যাকবোর্ডত ছবি অংকন কৰাৰ লগতে ছবি অকাঁৰ কৌশলৰ বিষয়েও আলোচনা কৰিব লাগে। বিশেষকৈ তলত উল্লেখ কৰা দিশবোৰ শিক্ষকে আলোচনা কৰা উচিত। যেনেঃ
.
প্ৰথমতে, ছবি এটা অংকন কৰোঁতে এটি আৰ্হি অনুসৰণ কৰিব লাগে।
দ্বিতীয়তে, আৰ্হি ছবিটো খুব মনোযোগেৰে চাব লাগে।
তৃতীয়তে,, ছবিটো কোনো ৰেখা চিত্ৰৰ ভিতৰত সুমুৱাই লৈ ছবিৰ কোনটো অংশ ৰেখাচিত্ৰটোৰ কোনফালে বা কোন অংশত পৰিছে বা কোন অংশ চুই গৈছে সেইবোৰ মনত ৰাখিব লাগে।
চতুৰ্থতে, ছবি কেইবাটাও স্পষ্ট ভাগত ভাগ কৰি অংশ অংশকৈ অংকন কৰিব লাগে।
পঞ্চমতে, ছবি আঁকোতে প্ৰথমতে ৰেখাচিত্ৰ পাতলকৈ আঁকি ল’ব লাগে। এই ক্ষেত্ৰত চিঁয়াহী নোহোৱা কলম বা চিয়াহী নোহোৱা বল পেন ব্যৱহাৰ কৰিব পাৰে। সঘনে ৰবৰ ব্যৱহাৰ কৰিব নালাগে। পাতলকৈ অংকন কৰি পিছত ভুল হোৱা অংশবোৰ এবাৰতেই মচি পেলাব লাগে।
পঞ্চমতে, কোনো এটা ছবি এবাৰ বা দুবাৰ নহয় বাৰে বাৰে মনোযোগেৰে অনুশীলন কৰিব লাগে।
ইয়াতে বিশেষ মন কৰিবলগীয়া যে এবছৰীয়া পাঠ্যক্ৰমত সাত/আঠটাতকৈ অধিক ছবি কেতিয়াও শিকাব নালাগে। ছবি এটা শিকোতে বা অনুশীলন কৰোঁতে এনেভাৱে কৰিব লাগে যাতে সেই ছবিটো আকৌ পিছৰ বছৰত শিকিব নালাগে। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক এটা ছবি বাৰে বাৰে অনুশীলন কৰিবলৈ দিব লাগে।
.
ছবি অংকন কৰাৰ বাবে তলত দিয়া সা-সামগ্ৰীৰ প্ৰয়োজন। যেনে ঃ
প্ৰথমতে, এটি আৰ্হি বুক।
দ্বিতীয়তে, ভাল কাঠ পেঞ্চিল। সাধাৰণতে HB কাঠেপঞ্চিল বহুল ব্যৱহাৰ হয় যদিও ছাত্ৰ-ছাত্ৰীসকলে অভ্যাসৰ বাবে B বা 2B পেঞ্চিল ব্যৱহাৰ কৰি ছবিটো পাতলকৈ আঁকি পিছত 4B পেঞ্চিল ব্যৱহাৰ কৰিব ডাঠ কৰি দিব লাগে। কাঠ পেঞ্চিল চোকা হোৱা প্ৰয়োজন।
তৃতীয়তে, এটি ভাল ৰবৰ।
চতুৰ্থতে, সাধাৰণ কাগজতকৈ অলপ বেছি ডাঠ কাগজ।
পঞ্চমতে, এটি কাঁচৰ স্কেল।
.
ইয়াৰ উপৰিও শিকাৰু এজনে ছবি অকাঁৰ সময়ত তলত দিয়া নিয়মবোৰ মানি চলিব লাগে।
প্ৰথমতে, অনুশীলন বহীটো টেবিলৰ ওপৰত ৰাখি চিয়াৰত বহি বা প্ৰয়োজনত থিয় হৈ ছবি অঁকা অনুশীলন কৰিব লাগে।
দ্বিতীয়তে, টেবিলটো পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে আৰু টেবিলৰ ওপৰত প্ৰয়োজনীয় মুকলি ঠাই থাকিব লাগে। কিতাপ-পত্ৰৰে ঠাহ খাই থকা হ’ব নালাগে।
তৃতীয়তে, টেবিলৰ উচ্চতা ছাত্ৰজনৰ বুকুলৈ হ’ব লাগে। কেতিয়াও বুকুৰ উচ্চতাতকৈ বেছি উচ্চতাৰ হ’ব নালাগে।
চতুৰ্থতে, পোহৰ সদায় ছাত্ৰজনৰ বাও পিনৰ পৰা পৰিবলৈ দিব লাগে।
পঞ্চমতে, ছাত্ৰজনে যিকোনো সময়ত ছবি অঁকা অনুশীলন কৰিব পাৰে। ছবি যে দিনৰ কোনো এক নিৰ্দ্দিষ্ট সময়ত অনুশীলন কৰিব লাগিব এনে ধাৰণা কৰিব নালাগে।
ষষ্ঠতে, ছাত্ৰজনে ছবি আকোঁতে কেতিয়াও ততাতৈয়া কৰিব নালাগে। প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক বৈঠকত এটা ছবিহে অনুশীলন কৰিব লাগে।
সপ্তমতে, এটা ছবি এদিন নহয়, দুদিন নহয়, তিনিদিন নহয়, অতি কমেও এমাহ অনুশীলন কৰিব লাগে।
(২)
আদৰ্শ ছবি অঁকা -তৃতীয় ভাগ কিতাপখন প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুত কৰা হৈছে। সাধাৰণতে গড় হিচাপত ছয় /সাত বছৰৰ ল’ৰা-ছোৱালী তৃতীয় শ্ৰেণীত ভৰ্তি হয়। এই সময়ছোৱাত সিহঁতৰ শৰীৰ আৰু মন অতি চালুকীয়া অৱস্থাত থাকে বাবে সিহঁতৰ মনস্তাত্ত্বিক দিশ লক্ষ্য কৰি কিছুমান সৰল চিত্ৰ সন্নিবিষ্ট কৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীসকলে এই ছবিবোৰ ডাঙৰকৈ অংকন কৰি দেখুৱাব। ছবি এটি কিদৰে কিছুমান ৰেখাচিত্ৰৰ সহায়ত সহজে অংকন কৰিব পাৰি সেই বিষয়ে আৰ্হিসহ বুজাই দিব।
.
আশা ৰাখিছোঁ এই অভ্যাসপুথিৰ পৰৱৰ্তী সংস্কৰণসমূহ সৰ্বাঙ্গসুন্দৰ কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকলে তেখেতসকলৰ মূল্যৱান পৰামৰ্শ, সমালোচনা আৰু দিহা পৰামৰ্শ আগবঢ়াই আমাৰ সহযোগী হ’ব।
প্ৰকাশক
গ্রোহিলচ্ পাব্লিশিং
আদৰ্শ ছবি অঁকা-তৃতীয় ভাগ